bokoবকোত হেৰ’ইন সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

জব্দ ৩৯.১৫ গ্ৰাম হেৰ'ইন

WhatsApp Image 2022 09 12 at 21.45.26

KAMRUPকামৰূপ জিলাৰ বকোৰ আগছিয়াত আৰক্ষীৰ জালত হেৰ’ইন সহ দুই ড্ৰাগছ পেডলাৰ ৷ গোপন সূত্ৰৰ পম খেদি আজি বিয়লী বকো আৰক্ষীৰ এটা দলে হোণ্ডা আই টেন কাৰ এখনত অৰ্তকিতে অভিযান চলাই প্ৰায় ৩৯.১৫ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

জব্দকৃত হেৰ’ইন খিনি কাৰ খনৰ ইঞ্জিনৰ ভিতৰত লুকুৱাই আনিছিল ৷ আৰক্ষীয়ে হেৰ’ইন সৰবৰাহৰ লগত জড়িত থকা বকোৰ আৰিকাটিৰ বাহাৰ আলী আৰু আই টেন খনৰ চালক চফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version