COVID-19 : ক’ভিড আপডেট

corona test 2 1656128331

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৫,২২১ । দেওবাৰে এই সংখ্যা আছিল ৫,০৭৬ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড আক্রান্তৰ সংখ্যা বাঢ়ি দুহেজাৰ হৈছে । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,৮৯৭ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৭০১), তামিলনাডু (৪৩১), কর্নাটক (৩৭৯),ওড়িছা (২৪৫) আৰু পশ্চিমবংগ (২৪১) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হৈ ১১ জনৰ মৃত্যু হৈছে । মহাৰাষ্ট্রত তিনিজন, দিল্লী আৰু ছত্তীছগঢ়ত দুজন ব্যক্তি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি কর্নাটক, উত্তৰ প্রদেশ, ওড়িছা আৰু পঞ্জাৱত এজনকৈ লোকৰ মৃত্যু হৈছে । কেৰালাত কৰ’নাত আক্রান্ত হৈ চাৰিজনৰ মৃত্যু আগতেই হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । দেওবাৰে এই সংখ্যা আছিল সাত ।

দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৬৭৫ জনে ক’ভিড আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

Exit mobile version