GOLAGHATগোলাঘাটত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বছৰেকীয়া নাম প্ৰসংগ আৰু ভাওনা পৰিবেশন

WhatsApp Image 2022 09 12 at 20.14.42

GOLAGHAT গোলাঘাট ৰাজহ চক্ৰ আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও ১০ ছেপ্টেম্বৰত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত নাম প্ৰসংগ আৰু “গান্ধাৰীৰ কৃষ্ণ দৰ্শন” শীৰ্ষক এখনি ভাওনা পৰিৱেশন কৰা হয় । নিশা অনুষ্ঠিত হোৱা ভাওনা খন উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে উদ্বোধন কৰে ।

উল্লেখযোগ্য যে, গোলাঘাটৰ অন্যতম এই ভাওনা খন ৰাজহ চক্ৰ আৰু উপায়ুক্তৰ বিষয়া-কৰ্মচাৰী সকলেও অংশ লয় । সমূহ কাৰ্যসূচীত গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া পাপৰি দাস, সহকাৰী আয়ুক্ত  অম্লান ফুকন আৰু গোলাঘাট ৰাজহ চক্ৰ আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ ভালে সংখ্যক বিষয়া-কৰ্মচাৰীয়ে ভাগ লয় ।

Exit mobile version