Gyanvapi Masjid : জ্ঞানবাপী গোচৰৰ ৰায় বাৰাণসী আদালতত

১৪৪ ধাৰা জাৰি, নিতাপত্তাক লৈ চূড়ান্ত সতর্কতা অঞ্চলত

1089324 untitled design 2022 09 12t143728.899

জ্ঞানবাপী মছজিদ গোচৰৰ ৰায়দান হ’ব সোমবাৰে । বাৰাণসী জিলা আৰু দায়ৰা আদালতত সেই শুনানিৰ পূৰ্বে চূড়ান্ত সতর্কতা জাৰি কৰা হৈছে মছজিদ অঞ্চলত । বাৰাণসীৰ একাধিক স্থানত জাৰি কৰা হৈছে ১৪৪ ধাৰা । আনকি, জিলাৰ সীমান্ত অঞ্চলৰ পৰা হোটেল আৰু গেষ্ট হাউছত কোন আহিছে কোন গৈছে, সকলোতে দৃষ্টি ৰাখিছে আৰক্ষীয়ে । সামাজিক মাধ্যমত এই বিষয়ত কোনো প’ষ্টৰ দিশতো দৃষ্টি ৰাখিছে প্রশাসনে ।

কাশী বিশ্বনাথ মন্দিৰৰ কাষত অৱস্থিত জ্ঞানবাপী মছজিদৰ অভ্যন্তৰত পূজা কৰাৰ অধিকাৰ বিচাৰি পাঁচগৰাকী হিন্দু মহিলাই গোচৰ ৰুজু কৰিছিল । পাঁচ মহিলাই যি আবেদন জনাইছিল, ১৯৯১ৰ ধর্মৰক্ষা আইন অনুযায়ী সেয়া বিচার্য হয় নে নহয়, সেই বিষয়ত সোমবাৰে এই ৰায়দান কৰিব আদালতে ।

প্রসংগত, ২০২১ৰ আগষ্টত পাঁচ হিন্দু মহিলাই জ্ঞানবাপীৰ ‘মা শৃংগাৰ গৌৰী’ (ওজুখানা আৰু তহখানা নামে পৰিচিত) আৰু মছজিদৰ ভিতৰৰ পশ্চিমৰ দেৱালত দেৱদেৱীৰ মূর্তিৰ অস্তিত্বৰ দাবী কৰি পূজা অর্চনাৰ অনুমতি বিচাৰিছিল বাৰাণসী দায়ৰা আদালতে ।

ইয়াৰ পাছত দায়ৰা আদালতৰ বিচাৰক ৰবিকুমাৰ দিবাকৰৰৰ নিযুক্ত কমিটীয়ে মছজিদৰ ভিতৰত সমীক্ষা আৰু ভিডিঅ’গ্রাফিৰ নির্দেশ দি পর্যবেক্ষক দল গঠন কৰে । সেই কাম শেষ হোৱাৰ পাছতেই যোৱা ২০ মে’ত উচ্চতম ন্যায়ালয়ৰ নির্দেশত গোচৰৰ শুনানিৰ দায়িত্ব লাভ কৰে বাৰাণসী জিলা আদালতে ।

ইয়াৰ পাছতে মছজিদ চৌহদত ওজুখানাত শিৱলিংগৰ উপস্থিতি সম্পর্কে দাবী কৰি তাৰ বয়স জানিবৰ বাবে ‘কার্বন ডেটিং’ পৰীক্ষাৰ আবেদন জনোৱা হৈছিল উচ্চতম ন্যায়ালয়ত । কিন্তু সেই সকলো দাবী খাৰিজ কৰি দিয়ে শীর্ষ আদালতে ।

বাৰাণসী আদালতৰ নির্দেশমৰ্মে, মছজিদৰ ভিতৰত ভিডিঅ’গ্রাফি কৰা শেষ হৈছে । যদিও সেয়া এতিয়াও প্রকাশ্যত অহা নাই । আদালতে নির্দেশ দিয়ে আর্কিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়াক এই মছজিদৰ পৰিকাঠামো পৰীক্ষা কৰাৰ ।

Exit mobile version