PM MODIপ্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে ১২০০ টা উপহাৰ নিলাম

WhatsApp Image 2022 09 12 at 20.14.43 1

17TH SEPTEMBER ১৭ ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন । উক্ত দিনৰ লগত সংগতি ৰাখি বিগত দিনত প্ৰধানমন্ত্ৰীগৰাকীয়ে উপহাৰস্বৰূপে লাভ কৰা ১২০০ বিধ সামগ্ৰীৰ নিলামৰ ব্যৱস্থা কৰা হৈছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই নিলামৰ যোগেদি লাভ কৰা ধন নমামি গঙ্গে মিছনত ব্যৱহাৰ কৰা হ’ব । ইতিমধ্যে নিলামৰ সকলো ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে ।

ৱেব পৰ্টেল pmmementos.gov.in যোগেদি এই ১২০০ উপহাৰ নিলাম কৰা হ’ব । বিভিন্ন সময়ত দেশ-বিদেশৰ পৰা এই জনপ্ৰিয় প্ৰধানমন্ত্ৰী গৰাকীয়ে বিভিন্ন দামী উপহাৰ লাভ কৰি আহিছে । সমাগত ওপজা দিনত প্ৰধানমন্ত্ৰীয়ে এই উপহাৰ সমূহ নিলামৰ যোগেদি বিক্ৰী কৰি কেন্দ্ৰীয় চৰকাৰৰ অন্যতম আঁচনি নমামি গঙ্গে মিছনত ব্যৱহাৰ কৰিবলৈ লোৱা সিদ্ধান্তক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে ।

Exit mobile version