SPACE মহাকাশত পৃথিৱীৰ দৰে আৰু এটা নীলা গ্ৰহৰ সন্ধান লাভ বিজ্ঞানীৰ

WhatsApp Image 2022 09 12 at 20.14.44

UNIVERSEএই বিশ্বব্ৰহ্মাণ্ডৰ বাহিৰেও আৰু এখন বিশ্বব্ৰহ্মাণ্ডৰ সন্ধান পাইছে মহাকাশ বিজ্ঞানীসকলে । এই নতুন গ্ৰহত প্ৰাণীৰ সন্ধান পাইছে নেকি বিজ্ঞানীসকলে ? মহাশূণ্যত অহৰহ টেলিস্কোপৰে অন্য জীৱৰ সন্ধান কৰি থকা বিজ্ঞানীসকলে হঠাৎ দেখা পালে পৃথিৱীৰ দৰে আৰু এটা নীলা গ্ৰহৰ উপস্থিতি ।খবৰ অনুসৰি ,কানাডাৰ মধট্ৰিয়াল বিশ্ববিদ্যালয়ৰ নেতৃত্বাধীন এটা আন্তৰ্জাতিক গৱেষকৰ দলে এই নীলা গ্ৰহৰ সন্ধান পাইছে । মহাকাশ বিজ্ঞানীয়ে এই গ্ৰহৰ নাম দিছে টিওআই -১৪৫২ বি বা “চুপাৰ আৰ্থ”।

এক বিবৃতিৰ যোগেদি নাছাৰ বিজ্ঞানীসকলে জানিবলৈ দিয়ে যে, সৌৰমণ্ডলত থকা উপ-গ্ৰহৰে লগতে পৃথিৱীৰ সাদৃশ্য থকা এটা নীলা গ্ৰহৰ সন্ধান পোৱা গৈছে । এই গ্ৰহটোত বৰফৰ লগতে পানীৰো সন্ধান পোৱা গৈছে । মহাকাশ বিজ্ঞানীসকলে দাবী কৰা মতে , এই গ্ৰহ পৃথিৱীতকৈ বহুগুণে ডাঙৰ । পৃথিৱীৰ আয়তনতকৈ ৭০% বেছি ডাঙৰ এই গ্ৰহ । এই চুপাৰ আৰ্থত আছে বিশাল সমুদ্ৰ । পৃথিৱীৰ পৰা এই চুপাৰ আৰ্থলৈ দূৰত্ব হ’ব ১০০ আলোকবৰ্ষ । সমগ্ৰ গ্ৰহটো ৩০% পানীৰে আবৃত হৈ আছে ।

উল্লেখযোগ্য যে পৃথিৱীৰ সৈতে সাদৃশ্য থকা এই গ্ৰহত মাত্ৰ ১১ দিনত এবছৰ হয় । কাৰণ এটা নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলৈ।এই গ্ৰহক সময় লাগে ১১ দিন। গ্ৰহটোৰ চৌপাশে বহুতো সৰু -সৰু উপ-গ্ৰহৰো উপস্থিতি ধৰা পৰিছে । এই সময়ত ১০০ আলোকবৰ্ষ দূৰত্বত থকা এই গ্ৰহৰ খুটি-নাটিকৈ পৰ্যবেক্ষণ কৰিছে বিজ্ঞানীৰ দলে । কিন্তু এটা বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে , ইয়াত জীৱৰ অস্তিত্ব নাই । যিহেতু পাথৰেৰে পৰিপূৰ্ণ এই গ্ৰহটোত হাইড্ৰজেন থাকিলেও অক্সিজেনৰ উপস্থিতি ধৰা পৰা নাই ।

Exit mobile version