অসমৰ মাজেৰে কৌশলেৰে মণিপুৰলৈ কৃষকৰ বাবে আবণ্টিত ইউৰিয়া সৰৱৰাহ

ঝাৰখণ্ডৰ পৰা পৰিচালিত হয় ইউৰিয়াৰ বৃহৎ চিণ্ডিকেট

খটখটীত আৰক্ষীৰ দ্বাৰা জব্দ পাঁচখনকৈ ইউৰিয়া ভৰ্তি ট্ৰাক, আটক ছয়

 

দীৰ্ঘদিনৰ পৰা অসমৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চুবুৰীয়া মণিপুৰ আৰু নগালেণ্ডলৈ একাংশ চোৰাং ব্যৱসায়ীয়ে অভিনৱ কৌশলেৰে সৰৱৰাহ কৰি আছে কৃষকৰ বাবে আৱণ্টিত ইউৰিয়া সাৰ ৷ কালি কাৰ্বি আংলঙৰ খটখটী আৰক্ষীয়ে ঝাৰখণ্ডৰ পৰা মণিপুৰলৈ আহি থকা পাঁচখনকৈ ট্ৰাক প্ৰয়োজনীয় নথি-পত্ৰ দেখুৱাবলৈ অসমৰ্থ হোৱাত থানালৈ লৈ আহে আৰু ছয়জনকৈ লোকক আটক কৰে ৷

সূত্ৰ অনুসৰি মণিপুৰ চৰকাৰৰ বাবে আৱণ্টিত ইউৰীয়া সাৰৰ ৰেক ফৰকাটিং ৰেল জংচনত খালি হৈ মণিপুৰলৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰৱৰাহ হয় ৷ তাৰেই গইনা লৈ এটা অসাধু চক্ৰই ঝাৰখণ্ডৰ পৰা একে সময়তে লৈ আনে সন্দেহৰ আৱৰ্তত থকা অবৈধ ইউৰিয়া সাৰৰ ট্ৰাক ৷ কালি তেনেদৰে ইউৰিয়া লৈ অহা পাঁচখন ট্ৰাক জব্দ কৰে খটখটী আৰক্ষীয়ে ৷ ট্ৰাক কেইখনৰ নম্বৰ হ’ল ক্ৰমে এন.এল০১এছ চি ২২৯৩, বি.আৰ২৬ জি এ ৫৩৬৭, জে.এইচ১২কিউ ২১২৬, এন.এল০১কিউ ৭৬৭৩ আৰু বি.আৰ ০২ ডব্লিউ ৫৩৯৫ ৷

আনহাতে, আটকধীন লোক কেইজন হ’ল ক্ৰমে ঝাৰখাণ্ডৰ নৱনীত কুমাৰ সিং, দীনেশ সিং, ৰাজেশ কুমাৰ আৰু বিহাৰৰ গুদ্দু কুমাৰ, ৰাহুল কুমাৰ ৷ ইফালে, এই ট্ৰাকসমূহ মেনেজ কৰি অসম পাৰ কৰোৱাৰ দায়িত্বত থকা খটখটীৰ জনৈক তাৰাচান্দ নামৰ লোকজনকো আৰক্ষীয়ে আটক কৰিছে ।

এই ইউৰীয়াখিনি ঝাৰখণ্ডৰ হাজাৰীবাগৰ মা এমবি এণ্টাৰপ্ৰাইজৰ পৰা মণিপুৰ বিষ্ণুপুৰৰ মেচাৰ্ছ থকচ’ম সুৰজিত সিঙৰ নামত পঠিওৱা হৈছে ৷ ইপিনে, কাৰ্বি আংলঙৰ কৃষি বিভাগৰ বিষয়াই কয় যে এইদৰে ইউৰিয়া সাৰ মুকলি বজাৰত বিক্ৰী কৰাতো সম্পূৰ্ণৰূপে অবৈধ ৷ ইয়াৰ উপৰিও প্ৰদৰ্শিত নথিত এই সাৰখিনি জৈৱিক বুলি উল্লেখ আছে যদিও ট্ৰাক কেইখনত থকা সাৰৰ বস্তাসমূহ সম্পূৰ্ণৰূপে অজৈৱিক ৷

ইপিনে, আৰক্ষীয়ে ধৃত লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰু এই চিণ্ডিকেট চক্ৰৰ লগত অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ বিশেষকৈ খটখটীৰ জনৈক শৰ্মা উপাধিৰ এজন বিতৰ্কিত ব্যৱসায়ীৰ ছত্ৰছায়াত সাৰৰ এই অবৈধ সৰৱৰাহৰ কাম দীৰ্ঘদিনৰ পৰা চলি আহিছে ৷

উল্লেখযোগ্য যে থানালৈ ট্ৰাক কেইখন লৈ যোৱাৰ পাছত এটা চক্ৰৰ একাংশই গাড়ী কেইখন এৰি দিবলৈ বিভিন্ন পক্ষক হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে ৷ জব্দ হোৱা সাৰৰ বস্তাৰ পৰিমাণ প্ৰায় ৩৮০০ আৰু ইয়াৰ বজাৰ মূল্য দহলক্ষাধিক বুলি জানিব পৰা গৈছে ৷

Exit mobile version