ASSAM বিধানসভাৰ সভাকক্ষত মুখ্যমন্ত্ৰীৰে সৈতে বৈঠক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিযষয়-ববীয়াৰ

WhatsApp Image 2022 09 13 at 18.19.43

ASSAM অসম বিধান সভাৰ শৰতকালীন অধিবেশন চলি থকাৰ মাজতে আজি বিধানসভাৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়-ববীয়া সকলে । ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই অধিবেশন সন্দৰ্ভত আলোচনা কৰিবলৈকে সংঘৰ বিষয়-ববীয়া সকলৰ সৈতে এই বৈঠকত মিলিত হয় ।

বৈঠকতে আগন্তুক অধিবেশনখনি সুচাৰুৰূপে অনুষ্ঠিত কৰাত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে । বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে কেবিনেট মন্ত্ৰী ডা: ৰণোজ পেগু আৰু সঞ্জয় কিষাণ, সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগু উপস্থিত থাকে ।

Exit mobile version