DULIAJAN তলাবন্ধ অৱস্থাত উদ্ধাৰ অইলৰ বিষয়া মৃতদেহ

WhatsApp Image 2022 09 13 at 18.19.45 1

DULIAJAN দুলীয়াজান অইলত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা । আজি পুৱা তলাবন্ধ অৱস্থাত অইলৰ আবাসগৃহৰ পৰা উদ্ধাৰ হৈছে এজন বিষয়াৰ মৃতদেহ । জানিব পৰা মতে, মৃত অৱস্থাত উদ্ধাৰ হোৱা বিষয়াজনৰ নাম ভাস্কৰ বৰা । তেওঁ টেকনিকেল অ’ডিঅ’ বিষয়া হিচাপে কৰ্মৰত হৈ আছিল । আবাসিক এলেকাৰ TD +145 নম্বৰৰ আবাসগৃহৰ পৰা বিষয়াজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

বাহিৰৰ পৰা তলা মাৰি থোৱা অৱস্থাত আৰক্ষী আৰু অইলৰ নিৰাপত্তা বিভাগে মৃতদেহটো উদ্ধাৰ কৰে । ৰহস্যৰ আৱৰ্তত সোমাই পৰা ঘটনাটোত কি কাৰণে ,কোনে বিষয়া গৰাকীক হত্যা কৰিলে সেইকথা স্পষ্ট হোৱা নাই যদিও ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version