JIAH KHANজিয়া খান হত্যাকাণ্ডৰ পুনৰ তদন্ত বিচাৰি মাতৃ ৰিবিয়া খানে কৰা আবেদন খাৰিজ

WhatsApp Image 2022 09 13 at 18.00.24 1

JIAH KHANনৱ বৰ্ষত পুৰণি গোচৰৰ পুনৰ তদন্ত আৰম্ভ কৰাৰ আবেদন খাৰিজ কৰিলে আদালতে । বলিউড অভিনেত্রী জিয়া খান (Jiah Khan), অভিযোগ যিয়ে আত্মহত্যা কৰিছিল, তেওঁৰ মাতৃ ৰাবিয়া খানে (Rabia Khan), সেই গোচৰ পুনৰ আৰম্ভ কৰাৰ আবেদন জনায় । সোমবাৰে সেই আবেদন খাৰিজ কৰি দিয়ে ব’ম্বে উচ্চ ন্যায়ালয়ে (The Bombay High Court) ।

ন্যায়াধীশ এ এছ গডকড়ি (A S Gadkari) আৰু এম এন যাদৱৰ (M N Jadhav) এটা ডিভিছন বেঞ্চে উল্লেখ কৰিছে যে গোচৰটোৰ তদন্তকাৰী সংস্থাৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে । গোচৰটোৰ তদন্ত কৰি চেন্ট্রেল ব্যুৰ’ অৱ ইনভেষ্টিগেছনে (চিবিআই) (Central Bureau of Investigation) অভিনেতা সূৰজ পাঞ্চ’লি (Sooraj Pancholi), জিয়া খানৰ তৎকালীন প্রেমিকৰ বিৰুদ্ধে অভিনেত্রীক আত্মহত্যাত প্ৰৰোচনা দিয়াৰ বাবে দোষী সাব্যস্ত কৰে । ২০১৩ৰ তিনি জুনত, মুম্বাইৰ বাসগৃহত জিয়া খানৰ ঝুলন্ত দেহ উদ্ধাৰ কৰা হয় ।

উচ্চ ন্যায়ালয়ে দাখিল কৰা পিটিছনত ৰাবিয়া খানে এই সমগ্ৰ ঘটনাৰ নতুনকৈ তদন্ত আৰম্ভ কৰাৰ আবেদন জনায় । ইউনাইটেড ষ্টেটৰ ফেডেৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেছনৰ (Federal Bureau of Investigation) সহায়ত স্বাধীন আৰু স্পেচিয়েল এজেন্সিৰ সহায়ত তদন্ত কৰোৱাৰ অনুমতি বিচাৰিছিল তেওঁ ।

ৰাবিয়া খানৰ দাবী, তেওঁৰ কন্যাক হত্যা কৰা হৈছে । তেওঁৰ অধিবক্তা শেখৰ জগতাপ আৰু চাইৰুচিতা চৌধুৰীয়ে যুক্তি দিছিল যে গোচৰটো প্রথমে মুম্বাই আৰক্ষীৰ দ্বাৰা তদন্ত আৰম্ভ হয় আৰু “কিছু ত্রুটি পদ্ধতিৰ” লক্ষ্য কৰাত ৰাবিয়া খান উচ্চ ন্যায়ালয়ত যায় আৰু তাৰপাছতে ২০১৪ৰ জুলাইত তদন্তটো চিবিআই-লৈ কাছে স্থানান্তৰিত হয় । তেওঁলোকৰ দাবী, কেন্দ্রীয় সংস্থায়ো সেই একেই ‘ভুল’ কৰিছে আৰু সেয়ে এই গোচৰৰ পুনৰ তদন্ত হোৱা প্রয়োজন ।

আদালতে উল্লেখ কৰিছে যে আবেদনকাৰীয়ে এনে এটা আবেদন কৰি তেওঁৰ নিৰ গোচৰক নিজেই দুর্বল কৰিছে । চিবিআইৰ পক্ষত উপস্থিত হৈ অধিবক্তা সন্দেশ পেটেলে আদালতক জনাইছিল যে মুখ্য সংস্থাই গোচৰটো সুস্থভাৱে তদন্ত কৰিছে । এই বেঞ্চত ৰাবিয়া খানৰ আবেদন খাৰিজ কৰি কৈছে বিস্তাৰিত অর্ডাৰ দিয়া হ’ব ।

বিগত মাহতেই মুম্বাই আদালতক প্রয়াত বলিউড অভিনেত্রী জিয়া খানৰ মাতৃ ৰাবিয়া খানে দাবী কৰে যে, অভিনেতা সূৰজ পাঞ্চ’লিয়ে জিয়াক শাৰীৰিক আৰু মানসিকভাৱে নির্যাতন কৰিছিল । তেওঁৰ কন্যা জিয়াই সূৰজৰ স’তে সমস্ত সম্পর্ক শেষ কৰি দিব বিচৰাৰ বাবে । দিনৰ পাছত দিন অভিনেত্রীগৰাকীয়ে এই মানসিক নির্যাতন সহ্য কৰিবলগীয়া হৈছিল ।

Exit mobile version