JORHAT TEOK টীয়কৰ জাঁজীমুখত বাঁহৰ পাৰ্কুপাইন দি খহনীয়া ৰোধৰ চেষ্টা মিচিং স্বায়ত্ত পৰিষদৰ

WhatsApp Image 2022 09 13 at 18.19.44

JORHAT TEOKযোৰহাটৰ টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে একাংশ লোকে বাঁহৰ জেং, গছৰ ডাল দি গৰাখহনীয়া ৰোধৰ চেষ্টা কৰি আহিছিল যদিও পুনৰ খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত আজি মিচিং স্বায়ত্ত পৰিষদে জাঁজীমুখত বাঁহৰ পাৰ্কুপাইন দি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে l ইফালে আজি যোৰহাট জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্তা সহ কেইবাগৰাকী বিষয়-ববীয়া উক্ত অঞ্চল পৰিভ্ৰমণ কৰি উচিত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে ।

উল্লেখযোগ্য যে, ১৯৮৭ চনৰে পৰা লুইতৰ প্ৰৱল খহনীয়াত বিধ্বস্ত হোৱা জাঁজীমুখবাসীৰ বাবে চৰকাৰে এই পৰ্যন্ত কোনো স্হায়ী আঁচনি গ্ৰহণ কৰা নাই ।ইপিনে বিগত বছৰবোৰতো মিচিং স্বায়ত্ব পৰিষদে জলসম্পদ বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছিল । তেনেক্ষেত্ৰত এই দুৰ্যোগৰ সময়ত অতি শীঘ্ৰেই চৰকাৰক এক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ।

Exit mobile version