Liquor Ban In India : গুজৰাট, বিহাৰৰ দৰে এইবা সমগ্ৰ দেশতে নিষিদ্ধ হ’ব নেকি সুৰা !

বৃহৎ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ

WhatsApp Image 2022 09 13 at 18.10.10

Liquor Ban In India : সমগ্ৰ দেশত সুৰা নিষিদ্ধ কৰা হ‌ওক । এই দাবীৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল । মুখ্য ন্যায়াধীশ ইউইউ ললিত, ন্যায়াধীশ হিমা কোহলি আৰু এছ ৰবীন্দ্র ভাটৰ বেঞ্চে এই গোচৰ খাৰিজ কৰি দিয়ে । গুজৰাট, বিহাৰত মদ নিষিদ্ধ । সমগ্ৰ দেশতে যাতে মদ নিষিদ্ধ কৰা হয়, সেই দাবী জনাই শীৰ্ষ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল । সেই গোচৰ খাৰিজ কৰি শীৰ্ষ ন্যায়ালয়ে জনালে, প্রতিটো ৰাজ্যৰ এই বিষয়ত নিজস্ব নীতি আৰু আইন আছে । এইটো এটা ফেডাৰেল ইছ্যু । এইক্ষেত্রত এটা আইন আৰোপ ।

মদৰ বিক্রীৰ ওপৰত যিকোনো ৰাজ্যৰ ৰাজহ আদায়ৰ এটা বৃহৎ দিশ নির্ভৰ কৰে । উচ্চতম ন্যায়ালয়ে জনাইছে, সমগ্ৰ দেশত এটা আইন জাৰি কৰিলে ৰাজ্যসমূহৰ ৰাজহ আদায়ত প্ৰভাৱ পৰিব । শীৰ্ষ আদালতে স্পষ্টভাৱে জনায় যে, এনে আইন আৰোপ কৰাৰ ক্ষমতা শীর্ষ আদালতৰ নাই ।

সমগ্ৰ দেশত মদ নিষিদ্ধ কৰা হ‌ওক । এই দাবী জনাই বিশাখাপত্তনমৰ দুজন বাসিন্দাই শীৰ্ষ আদালতত গোচৰ ৰুজু কৰিছিল । অৱশ্যে তেওঁলোকৰ গোচৰ খাৰিজ কৰা হয় ।গোচৰ ৰুজু কৰা দুই ব্যক্তিৰ অধিবক্তা প্রণৱ সচদেবাই দাবী কৰে, সমাজত মদৰ প্রভাৱ গুৰুতৰ । বিশেষকৈ সমাজৰ নিম্ন স্তৰৰ লোকসকল অধিক প্রভাৱিত হয় । সেয়ে শীঘ্ৰে সমগ্ৰ দেশতে মদ নিষিদ্ধ কৰা উচিত । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বেঞ্চে স্পষ্টভাৱে জনাই দিয়ে যে, এই বিষয়ত কেন্দ্রীয় চৰকাৰে কোনো ধৰণৰ আইন প্রণয়নৰ নির্দেশ শীর্ষ আদালতে দিব নোৱাৰে ।

Exit mobile version