Madhya Prdesh : দুৰ্ঘটনাৰ আধা ঘণ্টা পাছতো নাহিল এম্বুলেন্স, বুলড’জাৰত হাস্পাতাললৈ নিয়া হ’ল আহতক

WhatsApp Image 2022 09 13 at 20.22.46

Madhya Prdesh : পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত হৈ পথত প্ৰায় আধা ঘণ্টা সময় ধৰি পৰি থকাৰ পাছতো আহি পোৱা নাছিল এম্বুলেন্স । সেয়ে আহত লোকজনক বুলড’জাৰত উঠাই হাস্পাতাললৈ লৈ যোৱা হয় । এই ঘটনা সংঘটিত হৈছে মধ্যপ্রদেশৰ কাটনিত ।

স্থানীয় সূত্রে জানিব পৰা গৈছে, গাইৰতলাইৰ বাসিন্দা মহেশ বর্মণৰ বাইকখন অন্য এখন বাইকৰ স’তে খুন্দা খাই দুর্ঘটনাত পতিত হয় । দুর্ঘটনাৰ পাছত স্থানীয় প্রশাসনক সম্পূৰ্ণ বিষয়টো জনাই এম্বুলেন্স প্ৰেৰণ কৰিবলৈ কোৱা হয় । কিন্তু আধা ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো এম্বুলেন্স আহি নাপায় । অৱশেষত আহতৰ শৰীৰৰ পৰা ৰক্তক্ষৰণ বাঢ়ি যোৱাত তেওঁক বুলড’জাৰত উঠাই হাস্পাতাললৈ লৈ যায় স্থানীয়সকলে ।

স্থানীয় সূত্রে আৰু জানিব পৰা গৈছে, পুষ্পেন্দ্র বিশ্বকর্মা নামৰ এজন লোক বুলড’জাৰৰ চালক । তেওঁৰ দোকানৰ বাইহিৰতে এই দুর্ঘটনা সংঘটিত হয় । এম্বুলেন্সৰ বাবে অপেক্ষা কৰি কৰি অৱশেষত তেঁৱেই আহত মহেশক বুলড’জাৰত উঠাই হাস্পাতাললৈ লৈ যোৱাৰ সিদ্ধান্ত লয় । প্রথমে তেওঁক স্থানীয় হাস্পাতালত লৈ যোৱা হয় যদিও প্রাথমিক চিকিৎসাৰ পাছত তেওঁক জিলা হাস্পাতাললৈ প্ৰেৰণ কৰা হয় । মহেশক বুলড’জাৰেৰে হাস্পাতালত লৈ যোৱা এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

প্রসংগত, বিজেপিশাসিত এই ৰাজ্যত প্রতি বছৰৰ বাজেটত স্বাস্থ্য খণ্ডত বহু টকা আবণ্টিত থাকিলেও এম্বুলেন্স নহাক লৈ বহু প্রশ্ন উত্থাপিত হৈছে ।

মধ্যপ্রদেশত এম্বুলেন্স ব্যতীত অন্য কোনো প্ৰকাৰে অসুস্থ ৰোগীক হাস্পাতালত লৈ যোৱাৰ ঘটনা প্রথম নহয় । বিগত মাহত, দামোহ জিলাত একেই ধৰণৰ ঘটনা ঘটে । এম্বুলেন্স নথকাত আসন্নপ্রসৱা পত্নীক এটা ঠেলাত উঠাই হাস্পাতালত লৈ যাবলৈ বাধ্য হয় এজন ব্যক্তি । এই ঘটনা প্রকাশ্যত অহাৰ পাছতেই প্রশাসনৰ তৰফৰ পৰা তদন্তৰ নির্দেশ দিয়া হয় । ।

Exit mobile version