MUKUL ROHATGI মুকুল ৰোহতগী হ’ব দেশৰ পৰৱৰ্তী এটৰ্নি জেনেৰেল

WhatsApp Image 2022 09 13 at 16.20.12

NEW ATTONEY GENERAL দেশৰ এৰ্টনী জেনেৰেল ৰূপে কৰ্মৰত হৈ থকা দেশৰ বৰ্ষীয়ান প্ৰখ্যাত অধিবক্তা কে কে বেণুগোপালে ইতিমধ্যে পদত্যাগ কৰিবলৈ সাজু হোৱাৰ পিছতে দেশৰ পৰৱৰ্তী এৰ্টনী জেনেৰেল কোন হ’ব এই লৈ চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ অধিবক্তা ৬৭ বছৰীয়া মুকুল ৰোহতগীক ভাৰতৰ ১৫ সংখ্যক এটৰ্নি জেনেৰেল হিচাপে নিযুক্তি দিয়াৰ বাবে সাজু হৈছে । উল্লেখ্য যে ৰোহতগী ইয়াৰ পূবে ২০১৪ ৰ জুনৰ পৰা ২০১৭ৰ জুনলৈ প্ৰথমবাৰৰ বাবে দেশৰ এৰ্টনী জেনেৰেল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

বৰ্তমানে এৰ্টনী জেনেৰেল ৰূপে কাৰ্যৰত হৈ থকা ৯১ বৰ্ষীয় কে কে বেণুগোপালে স্বাস্থ্যজনিত সমস্যাৰ বাবে ৩০ ছেপ্টেম্বৰৰ ভিতৰত তেওঁক অব্যাহতি দিবৰ বাবে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ক আগ্ৰহ প্ৰকাশ কৰে৷ আনকি বৰ্ষীয়ান এজি গৰাকীয়ে যোৱা সপ্তাহত সৰ্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠক তেওঁৰ ইচ্ছাৰ বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰে ৷

স্মতব্য যে কে কে বেনুগোপালৰ কাৰ্যকাল ৩০ ছেপ্টেম্বৰত অন্ত পৰিব । দেশৰ আগশাৰীৰ সাংবিধানিক আইন বিশেষজ্ঞ পৰিচিত বেনুগোপালে ২০১৭ ৰ ১ জুলাইত দেশৰ এৰ্টনী জেনেৰেল ৰূপে নিযুক্ত হৈছিল ৷ আনহাতে নতুনকৈ এজি পদত নিয়োজিত হ’বলগীয়া ৰোহতগী ইয়াৰ পূৰ্বে অতিৰিক্ত এজি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

Exit mobile version