TELANGANAতেলেংগানাৰ ছেকেন্দ্ৰাবাদত ভয়ংকৰ অগ্নিকাণ্ড

৮ জনৰ মৃত্যু

WhatsApp Image 2022 09 13 at 18.19.41

TELANGANAতেলেংগানাৰ ছেকেন্দ্ৰাবাদত সংঘটিত হৈছে ভ য়ংক ৰ অগ্নিকাণ্ড ৰ ঘটনা । খবৰ অনুসৰি ছেকেন্দ্ৰাবাদৰ ম’ণ্ডা মাৰ্কেটত অৱস্থিত ৰুবি প্ৰাইড নামৰ এটা ল’জত কালি নিশা প্ৰায় ৯-৩০ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।কেইবামহলীয়া এই ল’জটোৰ তলত থকা ই-বাইকৰ এটা শ্ব’ৰুমৰ পৰা এই জুইৰ সুত্ৰপাত হৈ সমগ্ৰ অট্টালিকাটোত বিয়পি পৰে ।

ফলত ৮ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৬ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ য় । সম্প্ৰতি আঘাত প্ৰাপ্ত হোৱা ৬ লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।
ঘটনা সংঘটিত হোৱা কিছু সময়ৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ সঠিক পৰিমাণ জানিব পৰা হোৱা নাই যদিও আনুমানিক কেইবা লক্ষাধিক টকা হ’ব বুলি ঠাৱৰ কৰা হৈছে ।

এই শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে তেলেংগানাৰ পৌৰ ও নগৰ উন্নয়ন নিগমৰ মন্ত্ৰী কে টি ৰামাৰাও-এ গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

Exit mobile version