AIR INDIA : এয়াৰ ইণ্ডিয়া বিমানত জুই ; কথমপি ৰক্ষা পৰিল যাত্ৰীৰ জীৱন

WhatsApp Image 2022 09 14 at 19.36.09

DANGER ACCIDENT: ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান । ওমানৰ মাস্কাট বিমান বন্দৰৰ পৰা কোচি অভিমুখে উৰা মৰাৰ সময়তে বিমানখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱা ঘটনা পোহৰলৈ আহে । লগে লগেই যাত্ৰীসকলক নমাই বিমানখন খালী কৰা হয় । জানিব পৰা মতে, এয়াৰ ইণ্ডিয়াৰ এই বিমানখনত ক্ৰু মেম্বাৰ আৰু চাৰিটা শিশুসহ মুঠ ১৪৫ জন যাত্ৰী আছিল । ঘটনাৰ পিছতে সকলো যাত্ৰীক টাৰ্মিনেল বিল্ডিঙলৈ স্থানান্তৰ কৰা হয় ।

অৱশ্যে সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰা যাত্ৰীসকলৰ কোনো লোক হতাহত হোৱা নাই । পৰৱৰ্তী সময়ত সকলো যাত্ৰীকে বিশেষ বিমানৰ জৰিয়তে কোচিলৈ অনা হয় । উল্লেখযোগ্য যে, কালিকটৰ পৰা ডুবাইলৈ উৰা মৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ আন এখন বিমানতো হঠাৎ ধোঁৱা দেখিবলৈ পোৱাত তৎকালীনভাৱে মাস্কাট বিমানবন্দৰত বিমানখন অৱতৰণ কৰা হয় । ফলত বহু সংখ্যক বিমান যাত্ৰীৰ জীৱন ৰক্ষা পৰিছিল।

Exit mobile version