BLACK GLASS :এতিয়াৰ পৰা গাড়ীত এবিধ সামগ্ৰী লগোৱাৰ পৰা বিৰত থাকক

অন্যৰ্থাই ভৰিব লাগি জৰিমনা

WhatsApp Image 2022 09 14 at 16.30.04

BLACKGLASS: আপোনাৰ চাৰিচকীয়া বাহনত যদি ক’লা নেট বা ষ্টিকাৰ আছে ৷ তেন্তে এতিয়াই আতৰাই পেলাওক ৷ নহ’লে জৰিমনা ভৰিবলৈ সাজু থাকক ৷ অসম আৰক্ষীয়ে শেহতীয়াকৈ জাৰি কৰিছে এক নতুন নিয়ম। নতুন নিৰ্দেশনা অনুসৰি ব্লেক গ্লাছ আৰু ব্লেক নেটৰ ব্যৱহাৰ কৰিলে গাড়ীৰ মালিকে ভৰিব লাগিব জৰিমনা । আনহাতে অস্বচ্ছ ব্লেক নেট চানস্ত্ৰীণৰ পৰিপূৰক নহয় সেয়েহে ইয়াৰ ব্যৱহাৰ নকৰিবলৈ গাড়ীৰ স্বত্বাধিকাৰী সকলৰ প্ৰতি আহ্বান জনায় আৰক্ষীয়ে ।

উল্লেখ্য যে নাৰীজনিত অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত অপৰাধীয়ে ক’লা গ্লাছ থকা গাড়ী ব্যৱহাৰ কৰে ৷ আৰক্ষীয়ে এনে অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত সুৰক্ষামুলকভাৱে ক’লা গ্লাছৰ আইনা লগোৱাটো বাৰণ কৰিছে৷ এই সম্পৰ্কীই নিদৰ্শনা পূৰ্বেও বাহাল আছিল যদিও একাংশলোকে আৰক্ষীৰ নিৰ্দেশকো কেৰেপ নকৰি ক’লা গ্লাছযুক্তি আইনা বা নেট লগাইছিল ৷ কিন্ত শেহতীয়াকৈ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷ নিয়মভংগ কৰা চালকৰ বিৰুদ্ধে আৰক্ষীয়ে জৰিমনা বিহাটো বাধ্যতামূলক কৰিছে ৷

Exit mobile version