DUDHNOI : দুধনৈত জেহাদীৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যে উপস্থিত অসম আৰক্ষীৰ অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ বিশেষ সঞ্চালক প্ৰধান জি,পি সিং

WhatsApp Image 2022 09 14 at 19.36.12

DUDHNOI: দুধনৈত আজি অসম আৰক্ষীৰ অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ বিশেষ সঞ্চালক প্ৰধান জি,পি সিং উপস্থিত হৈ গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা পাঁচ জেহাদীৰ তথ্য সংগ্ৰহ সম্পৰ্কত বুজ লয় । গোৱালপাৰালৈ অহাৰ মুহূৰ্তত দুধনৈ পৰিদৰ্শন বঙলাত উপস্থিত হৈ জেহাদী কাৰ্যকলাপ সম্পৰ্কত আৰক্ষীৰ সৈতে বিভিন্ন দিশৰ পৰ্যালোচনা কৰে ৷ দুধনৈত কিছুসময় থাকি গোৱালপাৰালৈ ৰাওনা হয় বিশেষ সঞ্চালক প্ৰধান গৰাকীয়ে ৷

গোৱালপাৰালৈ ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিকৰ আগত জি,পি, সিঙে উল্লেখ কৰে যে, ৰাজ্যত ইতিমধ্যে চাকৰিৰ প্ৰলোভন দি গ্ৰেপ্তাৰ হোৱা লোকসকল দালাল নহয় , তেওঁলোক প্ৰৱঞ্চক ৷ ইতিমধ্যে চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা কৰা সাতজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ হোৱা প্ৰৱঞ্চক সকলে ক’ত ক’ত কেনেদৰে প্ৰৱঞ্চনাৰ জাল মিলিছে এই সম্পৰ্কত আৰক্ষীৰ তদন্ত চলাই আছে লগতে তেনে কাৰ্যৰ লগত জড়িত থকা কোনো লোকক ৰেহাই দিয়া নহব বুলি মন্তব্য আৰক্ষীৰ সঞ্চালক গৰাকীয়ে ।

আনহাতে ৰাজ্যত জেহাদীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি জেহাদীৰ সম্পৰ্কত অধিক তথ্য লাভৰ বাবে গোৱালপাৰালৈ অহা বুলি উল্লেখ কৰে ৷ পৰৱৰ্তী সময়ত জেহাদীৰ বিৰুদ্ধেও আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ।

Exit mobile version