GUJARAT:নিৰ্মীয়মান অট্টালিকাৰ লিফ্ট খহি মৃত্যু হ’ল ৭ শ্ৰমিকৰ

WhatsApp Image 2022 09 14 at 19.36.11

GUJARAT : গুজৰাটৰ আহমেদাবাদ সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । আজি পুৱা নিৰ্মীয়মাণ এটা অট্টালিকাত হঠাৎ এটা লিফ্ট খহি পৰাত ৭ জনকৈ লোকৰ মৃত্যু হৈছে । জানিব পৰা মতে, আহমেদাবাদস্থিত গুজৰাট বিশ্ববিদ্যালয়ৰ সমীপত এটা বহুমহলীয়া অট্টালিকাৰ নিৰ্মাণকাৰ্য চলি আছিল । নৱম মহলাত কাম চলি থকা বাবে শ্ৰমিক সকলে লিফ্টৰ সহায়ত সামগ্ৰী সমূহ নৱম মহলালৈ অনা-নিয়া কৰি আছিল যদিও হঠাৎ সপ্তম মহলাত লিফ্টটো ভাঙি মাটিত বাগৰি পৰে ।

ফলত লিফ্টৰ ভিতৰত থকা ৮ জন শ্ৰমিক লিফ্টৰ সৈতে সপ্তম মহলাৰ পৰা মাটিত বাগৰি পৰে । এই দুৰ্ঘটনাত ৭ জন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ১ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এই শোকাৱহ ঘটনাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে সেই লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version