GUJARAT গুজৰাট উপকুলত ২০০ কোটিৰ হেৰ’ইন সহ ৬ পাকিস্তানীক গ্ৰেপ্তাৰ

WhatsApp Image 2022 09 14 at 17.10.35

GUJARAT গুজৰাট উপকুলত ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু আৰক্ষীৰ বিশেষ যৌথ দলে এক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই দুখন পাকিস্তানী নাও জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত নাৱৰ পৰা প্ৰায় ২০০ কোটি মুল্যৰ হেৰ’ইন সহ ছয় পাকিস্তানীক কৰায়ত্ব কৰে ৷ বুধবাৰে পুৱতি নিশা ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু এটিএছে অৰ্তকিতে চলাইছিল এই অভিযান ৷

নাও দুখনৰ পৰা আৰক্ষীয়ে ৪ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে। এই হেৰ’ইন খিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মুল্য প্ৰায় ২০০ কোটি টকা হ’ব বুলি নিশ্চিত কৰে আৰক্ষীয়ে ।

 

ধৃত পাকিস্তান কেইজনে ৪০ টা সুকীয়া সুকীয়া পেকেটত ভৰাই আনিছিল হেৰ’ইন খিনি । উল্লেখ্য ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ নিয়মী টহলকাৰী দলে সামুদ্ৰিক সীমা ৰেখাৰ ওচৰৰ টহল দি থকা অৱস্থাতে আন্তসংযোগকাৰী চি-৪০৮ আৰু চি-৪৫৪ নাও দুখন ভাৰতীয় জলভাগত পাইচাৰী কৰি থকা সময়তে জব্দ কৰে।

Exit mobile version