LADAHK MARATHON : লাডাখ মাৰাথনত উজ্জ্বলি উঠিল গুৱাহাটীৰ সাগৰিকা ভাগৱতী

WhatsApp Image 2022 09 14 at 14.41.58 1

LADAHK MARATHON: সাগৰ পৃষ্ঠৰ পৰা ১১,১৫৫ ফুট উচ্চতাত বিশ্বৰ সৰ্বোচ্চ ‘লাডাখ মাৰাথনত উজ্জ্বলি উঠিল এগৰাকী অসমীয়া মহিলা ৷ এছ’চিয়েশ্বন অৱ ইউনাইটেড মাৰাথন এণ্ড ডিষ্টেন্স ৰেচৰ উদ্যোগত লাডাখ মাৰাথন’২২ নৱম সংস্কৰণ অনুষ্ঠিত হয় পাৰ্বত্য চহৰখনত ৷

বিশ্বৰ বহু কেইখন দেশৰ প্ৰতিযোগীয়ে অংশ লোৱা মাৰাথনত গুৱাহাটীৰ ইউনাইটেড ফিটনেছ স্কোৱাডৰ সদস্যা সাগৰিকা ভাগৱতীয়ে ৪,১৯৫ কি:মি অতিক্ৰম কৰি ৬ ঘন্টা ৩৫ মিনিট ২৩চেকেণ্ডত সমাপ্ত কৰে সোমবাৰে ৷ মহিলা আল্ট্ৰা মাৰাথনাৰ সাগৰিকা ভাগৱতীৰ এই সাফল্যতাক সকলোৱে প্ৰশংসা কৰিছে ৷

Exit mobile version