PALGHAR :পালঘৰ কাণ্ডৰ পুনৰাবৃত্তি

পুনৰ চাৰি সাধুৰ ওপৰত আক্ৰমণ

WhatsApp Image 2022 09 14 at 19.36.08

MAHARASHTRA : মহাৰাষ্ট্ৰৰ ছাংলী জিলাত সংঘটিত হৈছে সন্যাসী আক্ৰমণৰ ঘটনা । সোমবাৰে উত্তৰপ্ৰদেশৰ আখাৰাৰ পৰা ৪ জন সন্যাসী মহাৰাষ্ট্ৰৰ এটা মন্দিৰলৈ গৈ আছিল । মঙলবাৰে মন্দিৰ দৰ্শন কৰি ঘূৰি অহা সময়ত তেওঁলোকৰ এচ ইউ ভি বাহনখন ৰখাই এটা সৰু ল’ৰাক ওলাই যোৱাৰ বাবে পথৰ কথা সোধোতেই এই ঘটনা সংঘটিত হয় । ল’ৰাজনে সাধুকেইজনৰ ভাষা বুজি নোপোৱাত গাঁৱৰ সকলো মানুহ গোট খাই সাধু কেইজনক গাড়ীখনৰ পৰা টানি নমাই লাঠি আৰু পেন্টৰ ব্লেটেৰে প্ৰসাৰ কৰে ।

আৰক্ষী সূত্ৰে প্ৰকাশ যে, ভাষা বুজি নোপোৱাত হোৱা ভুল বুজাবুজিৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে । অৱশ্যে পালঘৰ কাণ্ডৰ পুনৰাবৃত্তি হোৱা এই ঘটনাক লৈ মহাৰাষ্ট্ৰ আৰক্ষী তৎপৰ হৈ পৰিছে । ইতিমধ্যে আৰক্ষীয়ে ৬ জনকৈ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে যদিও তদন্তৰ খাতিৰত নাম প্ৰকাশ কৰাৰ পৰা বিৰত আছে । ইফালে উক্ত ঘটনাক লৈ মহাৰাষ্ট্ৰৰ বিজেপিৰ নেতা ৰাম কদমে শিৱসেনাৰ উদ্ধৱ থাকৰেক আক্ৰমণ কৰি ৪ ,সন্যাসীক প্ৰসাৰ কৰা দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ুক্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ।

Exit mobile version