QUESTION HOUR : প্ৰশ্নোত্তৰ কালৰ বাবে নিলম্বিত অখিল গগৈ

মাৰ্চাল লগাই বিধানসভাৰ পৰা উলিয়াই দিলে বিধায়ক অখিল গগৈক

WhatsApp Image 2022 09 14 at 13.53.34

QUESTION HOUR IN ASSEMBLY: সদনৰ প্ৰশ্নোত্তৰ কালত নিজৰ সমষ্টিৰ বিদ্যালয় একত্ৰিকৰণ বিষয় এটাক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ প্ৰশ্নোত্তৰ কালছোৱাৰ বাবে নিলম্বন কৰে৷ একেদৰে মাৰ্চাল লগাই বিধাসভাৰ পৰা উলিয়াই দিয়ে ৷

উল্লেখ্য যে আজি সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পিছতে প্ৰশ্নোত্তৰ কালত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এক প্ৰশ্ন উপস্থাপন কৰে৷ কিন্ত বিধায়ক অখিল গগৈৰ প্ৰশ্নোত্তৰ পৰ্ব চলি থকাৰ মাজত নিজৰ মন্তব্য প্ৰকাশ কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷ অধ্যক্ষ দৈমাৰীয়ে গগৈক প্ৰশ্নোত্তৰ কালত এনে বক্তব্য ৰাখিব নোৱাৰে বুলি কৈ বাৰম্বাৰ সৰ্তক কৰে ৷ ইয়াৰ পিছতো ক্ষান্ত নোহোৱাত অধ্যক্ষই অখিল গগৈক লক্ষ্য কৰি কয়,এয়া আন্দোলনৰ স্থান নহয়,এইয়া বিধাসভা,বিধানসভাত কাজিয়া নহয় ,আলোচনা হয় ৷ সংগঠনৰ কাম বাহিৰত কৰক,ভিতৰত নহয় ৷ এজন সদস্যৰ কাৰণে পৰিবেশ বিনষ্ট কৰিব দিব নোৱাৰো বুলি কয় অধ্যক্ষ গৰাকীয়ে ৷

Exit mobile version