RATION CARD : ৰেচন কাৰ্ড থকা সকললৈ ভাল খবৰ

WhatsApp Image 2022 09 14 at 17.31.15

RATION CARD : ৰেচন কাৰ্ড থকা পৰিয়াললৈ ভাল খবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এই সকল পৰিয়ালে লাভ কৰিব আয়ুস্মান ভাৰতৰ কাৰ্ড ৷ এই কাৰ্ডৰ জৰিয়তে বছৰি পাঁচলাখ টকাৰ স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব ৷ এই আচঁনিৰ অধীনত ৰাজ্যৰ প্ৰায় ৮৫ শতাংশ লোক উপকৃত হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ আজি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় শুভ উদ্বোধন কৰি দিয়া ভাষণত চৰকাৰৰ এই পদক্ষেপৰ কথা ঘোষণাকৰে ৷

এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে আয়ুস্মান ভাৰতৰ দৰে অসমতো আয়ুস্মান অসমৰ নতুন স্বাস্থ্যসেৱা আঁচনি অসম চৰকাৰে লোৱাৰ পৰিকল্পনা কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সহ কেইবাগৰাকী জ্যেষ্ঠ আমোলা উপস্থিত থাকে ৷

Exit mobile version