WATER RESOURCES : জলসম্পদত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতেআৰক্ষীয় জল সম্পদ বিভাগৰ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক কুহিৰাম ডেকা বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা গৈছে যে ডেকা, ৰফিকুল হুছেইন আৰু আজিজুৰ গোটেই ৰেকেটটোৰ মূল সূত্ৰধাৰ আছিল বুলি সদৰি কৰে মহানগৰ আৰক্ষীৰ ডিচিপি হৰেকৃষ্ণ নাথে । মনকৰিবলগীয়া যে আৰক্ষীয়ে এটা ৰেকেট চলোৱাৰ সৈতে জড়িত থকাৰ অভিযোগত গুৱাহাটীস্থিত এটা ব্যক্তিগত বৈদ্যুতিন চেনেলৰ কলাইগাঁওৰ সংবাদদাতা পিংকু বৰুৱাকো আটক কৰে। ইয়াৰ লগে লগে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা নজনলৈ বৃদ্ধি পায় ।
ডিচিপি হৰেকৃষ্ণ নাথে কয় যে, এনেকুৱা লাগিছে যে অভিযুক্ত কুহিৰাম ডেকা আৰু পিংকু বৰুৱা নগদ ধনৰ বিনিময়ত বিভিন্ন চৰকাৰী বিভাগত চাকৰিৰ বাবে ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰাত পোনপটীয়াকৈ জড়িত হৈ আছে। জেৰাৰ সময়ত আমি জানিব পাৰিছো কুহিৰাম দীৰ্ঘসময় ধৰি এই ৰেকেটৰ সৈতে জড়িত আছিল। তেওঁইয়াৰ পূৰ্বে মঙলদৈত চাকৰি দিয়াৰ অজুহাতত বহুলোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে ৷ আমি ধৃত দুয়োকে আদালতত হাজিৰ কৰিম আৰু অধিক জেৰাৰ বাবে জিন্মাত বিচাৰিম ৷
উল্লেখ্য যে সোমবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে চাৰিজন গ্ৰেপ্তাৰ কৰা দালালক ন্যায়িক জিম্মালৈ আৰু আন তিনিজনক তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে দিছপুৰ আৰক্ষীৰ এচিপি হিমাংশু দাস আৰু অ’চিৰ নেতৃত্বত যোৱা আৰক্ষী দলে থানাৰ তত্বাৱধানত গুৱাহাটীৰ বৰবাৰীৰ জিডি লজত অভিযান চলাই চাকৰিৰ ৰেকেট চলাই থকা সাত দালালক বৃহৎ নগদ ধন সহ আটক কৰিছিল উদ্ধাৰ কৰে।
ধৃত সাতজন দালালৰ নাম কাহিলীপাৰাৰ নয়ন ডেকা, বশিষ্টৰ জয়ন্ত ডেকা, মঙলদৈৰ চিৰাজুল হক, গোৱালপাৰাৰ জয়ন্ত দাস, গোবিন্দ চৌধুৰী, নুৰ ইছলাম আহমেদ আৰু নলবাৰীৰ প্ৰাঞ্জল বৰ্মন বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্যানুসৰি অভিযুক্ত দালাল কেইটাই ১৫ আগষ্ট পৰা লজৰ দুই ,চাৰি আৰু ১০৮ নং কোঠাত বাহৰ পাতি আছিল । এই পৰ্যন্ত মুল মাষ্টাৰমাইণ্ড ৰফিকুল হুছেইন আজিজুৰ বৰ্তমানেও পলাতক হৈ আছে ৷






























