ALIA BHATT:আলিয়াৰ গৰ্ভধাৰণ অনুষ্ঠানৰ বাবে সাজু দুই মাতৃ চোনী ৰাজদান আৰু নীতু সিং

WhatsApp Image 2022 09 15 at 20.17.47

ALIA BHATT: ব্ৰহ্মাস্ত্ৰ ৰ ব্যৱসায়িক সফলতাৰ পিছত আলিয়া ভাটৰ জীৱনলৈ যেন উদযাপনৰ দিন আহিছে । গৰ্ভধাৰণৰ তৃতীয় পৰ্যায়ত থকা আলিয়াক লৈ অনুষ্ঠিত কৰিবলগীয়া গৰ্ভধাৰণ অনুষ্ঠানৰ বাবে কাপুৰ পৰিয়ালে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে লগতে নিমন্ত্ৰিত অতিথিৰ তালিকাও প্ৰস্তুত কৰিছে । আলিয়াৰ গৰ্ভধাৰণ অনুষ্ঠানত নিমন্ত্ৰণ কৰিবলগীয়া অতিথিসকল হৈছে, শাহিন ভাট, বন্ধু আকাংক্ষা ৰঞ্জন, অনুষ্কা ৰঞ্জন, কৰীণা কাপুৰ, কৰিশ্মা কাপুৰ , নব্য নন্দা, শ্বেতা বচ্চন , আৰতি শেট্টী আৰু আলিয়াৰ শৈশৱৰ বান্ধৱী মিলিয়ে নিমন্ত্ৰণ লাভ কৰিব । ইতিমধ্যে শাশু নীতু সিং আৰু আলিয়াৰ মাতৃ চোনী ৰাজদানে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ইফালে খাদ্যৰ মেন্যুও তৈয়াৰ কৰিছে দুই মাতৃয়ে । খবৰ অনুসৰি খাদ্যৰ তালিকাও খুউব সোনকালে ৰাজহুৱা কৰিব ।

উল্লেখযোগ্য যে, ২০২২ চনৰ আৰম্ভণিৰ পৰাই আলিয়াই নিৰামিষ আহাৰ খাই আহিছে । তেনেক্ষেত্ৰত সকলোৱে এই খাদ্য তালিকা নিৰামিষেৰে সজাব বুলি চৰ্চা কৰিছে । ইফালে আলিয়া-ৰনবীৰৰ বিয়াত এখন থালি সম্পূৰ্ণ নিৰামিষকৈ সজাইছিল । য’ত আছিল নিৰামিষ বাৰ্গাৰ । এতিয়া সকলো অনুৰাগীৰ অপেক্ষা যে , আলিয়াৰ গৰ্ভধাৰণৰ এই বিশেষ অনুষ্ঠানত কি কি খাদ্য সংযোগ হ’ব ! খবৰ অনুসৰি এই অনুষ্ঠানটো অক্টোবৰৰ প্ৰথম দিনটোতেই উদযাপন কৰিব ।

Exit mobile version