ASSAM : অসমৰ পাঁচ আদিবাসী উগ্ৰপন্থীৰ সংগঠনৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তি সম্পন্ন

WhatsApp Image 2022 09 15 at 18.36.38

NEW DELHI: দীৰ্ঘদিনীয়া বিপ্লৱৰ অন্ত পেলাই আজি নতুুন দিল্লীৰ নৰ্থ ব্লকৰ গৃহ মন্ত্ৰণালয়ৰ সভাগৃহত অসমৰ পাঁচ আদিবাসী উগ্ৰপন্থী সংগঠনৰ শান্তি চুক্তি সম্পন্ন হয় । দিল্লীত বাহৰ পাতি থকা পাঁচ আদিবাসী উগ্ৰপন্থীৰ নেতৃবৃন্দৰ সৈতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই শান্তি চুক্তি স্বাক্ষৰ হয় । এই শান্তি চুক্তি সম্পন্ন হয় বিৰছা কমাণ্ডো ফ’ৰ্চ, আদিবাসী কোব্ৰা মিলিটেন্স অৱ আছাম, অল আদিবাসী নেশ্যনেল লিবাৰেচন আৰ্মী,ছানটাল টাইগাৰ ফ’ৰ্চ আৰু আদিবাসী পিপলছ আৰ্মীৰ সৈতে ।

বিগত সময়ত ৰাজ্য চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি এই উগ্ৰপন্থী সংগঠন কেইটাই যুদ্ধ বিৰতি ঘোষণা কৰিছিল । আজি এই শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছতেই পাঁচোটা উগ্ৰপন্থী সংগঠন মূল সূতিলৈ ঘুৰি আহিব । উল্লেখ্য যে পাঁচটাকৈ আদিবাসী বিদ্ৰোহী সংগঠনৰ ১১০০শ কেডাৰে মুলসুঁতিলৈ অহাৰ পিছতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তিচুক্তি প্ৰক্ৰিয়াই এক নতুন গতি লাভ কৰে ৷

ৰাজ্যত শান্তি শৃংখলা ঘূৰাই অনাৰ ক্ষেত্ৰত এই শান্তি চুক্তি স্বাক্ষৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এক বৃহৎ সফলতা হিচাপে পৰিগণিত হয় । অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,অসমৰ চাহজনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষান, সাংসদত্ৰয় কামাখ্যা তাছা,পল্লৱলোচন দাস, তপন কুমাৰ গগৈ,জ্যেষ্ঠ আমোলা অজয় কুমাৰ ভাল্লা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে ৷

Exit mobile version