EDUCATION DEPT: শিক্ষা বিভাগৰ নিৰ্দেশ, বিদ্যালয়ৰ সকলো অনুষ্ঠানতে পৰিবেশন হ’ব অসম সংগীত

WhatsApp Image 2022 09 15 at 18.12.18 1

EDUCATION DEPT: ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুযায়ী এতিয়াৰ পৰা বিদ্যালয়ৰ সকলো অনুষ্ঠানতে জাতীয় সংগীত পৰিবেশন কৰিব লাগিব । অসম সৰ্বশিক্ষা মিছনৰ পৰা প্ৰকাশিত নিৰ্দেশনাত এইকথা জাৰি কৰা হৈছে যে, সকলো বিদ্যালয়তে বাধ্যতামূলভাৱে অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ শীৰ্ষক সংগীত পৰিবেশন কৰিব লাগিব। বিগত সময়ত সকলো বিদ্যালয়ত অসম সংগীত পৰিবেশন কৰাটো বাধ্যতামূলক নাছিল । যাৰ পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ নিৰ্দেশ মৰ্মে অসম সৰ্ব শিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে । নিৰ্দেশনাটোত সকলো শিক্ষা প্ৰ্তিষ্ঠানৰ মুৰব্বীক ত্ৎক্ষণাত এই নিয়ম বলৱৎ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

Exit mobile version