ADVERTISEMENT

Tag: EDUCATION DEPT

বিটিআৰত শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ,গোসাঁইগাঁৱত কৰ্তব্যত গাফিলতি ৰুৱেন মুৰ্মু নামৰ এজন শিক্ষকৰ। স্কুলত নহাকৈ সহকাৰী শিক্ষক ৰুৱেন মুৰ্মুয়ে ভোগ কৰি আছে চৰকাৰী দৰমহা। অগ্ৰদূত বাৰ্তা দোতমা ১৮ জানুৱাৰীঃ- গোসাঁইগাঁও মহকুমাৰ এখন প্ৰাথমিক স্কুল। স্কুলখনৰ শিক্ষক নাহে স্কুলত। ঘৰত বহি খাইছে চৰকাৰী দৰমহা। কেৰেপ নকৰে কাকো। স্কুলখন হৈছে গোসাঁইগাঁও মহকুমাৰ কচুগাঁও শিক্ষা খণ্ডৰ হাতীগড় চান্তালী বি এল পি স্কুল। পূৰ্বতে স্কুলখনত এগৰাকী শিক্ষক আছিল। কিন্তু বৰ্তমান দুজন শিক্ষক। সহকাৰী শিক্ষক ৰুৱেন মুৰ্মু স্কুলত নাহি চৰকাৰী দৰমহা ভোগ কৰি আহিছে। প্ৰধান শিক্ষক গৰাকী অকলে শ্ৰেণী কাৰ্য চলাই আহিছে। সহকাৰী শিক্ষক গৰাকী সপ্তাহত দুই – এদিন আহি চহী কৰি গুচি যায়। শিক্ষক গৰাকী স্কুলত নহাত ইয়াৰ পূৰ্বে ৰঙা চিয়াহিৰে অনুপস্থিত লিখি দিয়ে কৰ্তৃপক্ষই। প্ৰায় ৭৫ গৰাকী ছাত্ৰ ছাত্ৰী থকা এইখন চৰকাৰী স্কুলৰ জুৰুলা অৱস্থাই বিটিআৰৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিছে। উল্লেখ যে, শিক্ষক ৰুৱেন মুৰ্মু পূৰ্বে উক্ত স্কুলৰ প্ৰধান শিক্ষক আছিল যদিও স্কুলত উপস্থিত নথকাত তেওঁক সহকাৰী শিক্ষকৰ পদত দিয়ে যদিও তথাপিও নাহে স্কুলত। উক্ত বিষয়টোৰ ওপৰত বিভাগীয় কতৃপক্ষই সহকাৰী শিক্ষক ৰুৱেন মুৰ্মুৰ ওপৰত কি ব্যবস্থা গ্রহণ কৰে সেয়া হব লক্ষণীয়

Btr: গোসাঁইগাঁও মহকুমাৰ এখন প্ৰাথমিক স্কুল। স্কুলখনৰ শিক্ষক নাহে স্কুলত। ঘৰত বহি খাইছে চৰকাৰী দৰমহা। কেৰেপ নকৰে কাকো। স্কুলখন হৈছে ...

Read more

Ambubachi Mela In kamakhy:অম্বুবাচী মেলা উপলক্ষে কামৰূপ(ম) জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা

Ambubachi Mela In kamakhy: চলিত মাহৰ ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা। মেলাৰ বাবে কামৰূপ মহানগৰ জিলাত কোনোধৰণৰ পৰীক্ষা ...

Read more

Education Department New Notification:শিক্ষানুষ্ঠানত নচলিব জিন্স-টি-চার্ট,পিন্ধিব লাগিব ফর্মেল পেন্ট- চার্ট

Education Department New Notification: শিক্ষানুষ্ঠান সমূহত এতিয়াৰ পৰা নচলিব জিন্স-টি-চার্ট৷ পিন্ধিব লাগিব ফর্মেল পেন্ট- চার্ট৷এই সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নিৰ্দেশ ৰাজ্যৰ ...

Read more

EDUCATION DEPT: শিক্ষা বিভাগৰ নিৰ্দেশ, বিদ্যালয়ৰ সকলো অনুষ্ঠানতে পৰিবেশন হ’ব অসম সংগীত

EDUCATION DEPT: ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুযায়ী এতিয়াৰ পৰা বিদ্যালয়ৰ সকলো অনুষ্ঠানতে জাতীয় সংগীত পৰিবেশন কৰিব লাগিব । অসম সৰ্বশিক্ষা ...

Read more