EDUCATION DEPT: ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুযায়ী এতিয়াৰ পৰা বিদ্যালয়ৰ সকলো অনুষ্ঠানতে জাতীয় সংগীত পৰিবেশন কৰিব লাগিব । অসম সৰ্বশিক্ষা মিছনৰ পৰা প্ৰকাশিত নিৰ্দেশনাত এইকথা জাৰি কৰা হৈছে যে, সকলো বিদ্যালয়তে বাধ্যতামূলভাৱে অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ শীৰ্ষক সংগীত পৰিবেশন কৰিব লাগিব। বিগত সময়ত সকলো বিদ্যালয়ত অসম সংগীত পৰিবেশন কৰাটো বাধ্যতামূলক নাছিল । যাৰ পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ নিৰ্দেশ মৰ্মে অসম সৰ্ব শিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে । নিৰ্দেশনাটোত সকলো শিক্ষা প্ৰ্তিষ্ঠানৰ মুৰব্বীক ত্ৎক্ষণাত এই নিয়ম বলৱৎ কৰিবলৈ আহ্বান জনোৱা হৈছে ।
EDUCATION DEPT: শিক্ষা বিভাগৰ নিৰ্দেশ, বিদ্যালয়ৰ সকলো অনুষ্ঠানতে পৰিবেশন হ’ব অসম সংগীত
-
By publisher

- Categories: India, Assam, News
- Tags: EDUCATION DEPTnew rule
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025