IND V/S SA T20 : অসম ক্ৰিকেট সন্থাই মুকলি কৰিলে বৰ্ষাপাৰা ষ্টেডিয়ামত হ’বলগীয়া টি-২০ কাপৰ টিকটৰ মূল্য তালিকা

WhatsApp Image 2022 09 15 at 19.31.21

IND V/S SA T20 : দীৰ্ঘ সময় বিৰতিৰ অন্তত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট । অহা ২ অক্টোবৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ’বলগীয়া টি-২০ খেলৰ টিকট বিক্ৰীৰ মূল্য তালিকা প্ৰকাশ কৰিছে । এই মূল্য তালিকা সূচী অনুসৰি, শ্ৰেণী ক্ৰমত টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ।

কাইলৈৰ পৰা বিক্ৰী কৰিবলগীয়া এই টিকটৰ মূল্য হৈছে – ষ্টেডিয়ামৰ পশ্চিমফালে দ্বিতীয় মহলাত ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা টিকটৰ মূল্য হ’ব ৪৭৫ টকা । পশ্চিমফালৰ প্ৰথম মহলাত হ’ব ২০০০ টকা , পূৱফালে দ্বিতীয় মহলাত হ’ব ১৫০০ টকা, একেদৰে পূৱফালে প্ৰথম মহলাত হ’ব ২০০০ টকা, উত্তৰফালে শীৰ্ষ মহলাত ২০০০ ,টকা নিৰ্ধাৰণ কৰাৰ লগতে উত্তৰফালে দ্বিতীয় মহলাত ৪০০০ টকা নিৰ্ধাৰণ কৰা হৈছে । আকৌ উত্তৰফালে ভূমি মহলাত ৩৫০০ টকা নিৰ্ধাৰণ কৰাৰ লগতে দক্ষিণৰ শীৰ্ষ মহলাত ২০০০ টকা ধাৰ্য কৰা হৈছে । একেদৰে দক্ষিণৰ দ্বিতীয় মহলাত ৪০০০ টকা ধাৰ্য কৰাৰ লগতে দক্ষিণৰ প্ৰথম মহলাত ৬০০০ টকা আৰু দক্ষিণৰ ভূমি মহলাত ৩৫০০ টকা ধাৰ্য কৰা হৈছে । কাইলৈৰ পৰা এই টিকট সমূহ বিক্ৰীৰ ব্যৱস্থা কৰিছে অসম ক্ৰিকেট সন্থাই ।

Exit mobile version