KOCHBIHAR : কোচবিহাৰৰ ভেলাডোবা আৰু মধুপুৰ সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

WhatsApp Image 2022 09 15 at 18.12.42

NORTBENGAL : উত্তৰবংগৰ কোচবিহাৰৰ মূল সমাধিস্থলী ভেলাডোবা আৰু মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়। মধুপুৰ সত্ৰ সমিতিৰ সম্পাদক হৰিদেৱ দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে পুৱা ৭ বজাত মহাপুৰুষজনাই দেহ ত্যাগ কৰা ভেলাডোবাত বন্তি প্ৰজ্বলন আৰু গুৰু বন্দনাৰে মহাপুৰুষজনা লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছত ৯ বজাত মধুপুৰ সত্ৰৰ কীৰ্ত্তন ঘৰত নামপ্ৰসংগ আৰু ভাগৱত পাঠ কৰা হয়।

সত্ৰত ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকত আৰু মধুপুৰ সত্ৰৰ স্থানীয় তদাৰক সমিতিৰ সম্পাদক ড⁰ কেশৱচন্দ্ৰ দাসৰ পৰিচালনাত দুপৰীয়া নেগেৰা নাম আৰু আবেলি ৪ বজাত আইসকলৰ নামেৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়। এই তিৰোভাৱ তিথিৰ সমূহ কাৰ্যসূচীত সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ উপৰিও মধুপুৰ সত্ৰৰ নিকটবৰ্তী বিভিন্ন অঞ্চলৰ শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।

শেহতীয়াভাৱে উত্তৰবংগৰ বিভিন্ন এলেকাৰ মহাপুৰুষীয়া ভক্তিধৰ্মত দীক্ষিত বংগভাষী ৰাইজে কোচবিহাৰ অঞ্চলত মহাপুৰুষ দুজনাই জীৱনৰ শেষ সময়ছোৱা অতিবাহিত কৰা সময়ৰ ইতিহাস পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্য আগত ৰাখি নতুন প্ৰজন্মৰ যুৱক-যুৱতী সত্ৰীয়া সংস্কৃতিৰ অনুপম সৃষ্টি বৰগীত, সত্ৰীয়া নৃত্য, নাম-প্ৰসংগ আদি অনুশীলন কৰাৰ বাবে আগবাঢ়ি অহা কাৰ্য্যই মহাপুৰুষ দুগৰাকীৰ আদৰ্শক বিশ্বজনীন কৰাৰ বাবে এক সুস্থ পৰিৱেশৰ সূচনা কৰিব বুলি মধুপুৰ সত্ৰ সমিতিয়ে আশা প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত সত্ৰ সমিতিয়ে কেতবোৰ অভিলাসি আঁচনি অসম চৰকাৰৰ সহযোগত ৰূপায়ন কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা গ্ৰহণ কৰিছে ।

Exit mobile version