PM MODI: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সু স্বাস্থ্যৰ ৰহস্য কি ?

WhatsApp Image 2022 09 15 at 12.31.47

17TH SEPTEMBER : ১৭ ছেপ্টেম্বৰ শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭২ বছৰ বয়সত ভৰি দিব । সৰ্বত্ৰ জনপ্ৰিয় হৈ এই নেতা গৰাকী শাসন নীতিৰ বাবেই কেৱল জনপ্ৰিয় নহয় , সমান্তৰালকৈ তেওঁৰ সু-স্বাস্থ্য আৰু সক্ৰিয়তাৰ বাবেই বিশ্বজুৰি জনপ্ৰিয় হোৱা দেখা গৈছে । দেশৰ ইমান ডাঙৰ বোজা মূৰত লৈ থকাৰ পিছতো এই জনপ্ৰিয় নেতাজনক কোনোদিনেই ভাগৰুৱা হোৱা দেখা পোৱা নাযায় । ইতিমধ্যে তেওঁৰ স্বাস্থ্য বিষয়ক বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰা দেখা গৈছে । তেওঁ নিজকে কেনেকৈ সুস্থ কৰি ৰাখিছে ,সেইবিষয়ে জানিবলৈ আজি সকলো ইচ্ছুক । মোডীয়ে দৈনিক বহু কঠোৰ নীতি-নিয়মৰ মাজেৰে দিনটো আৰম্ভ কৰে ।

১/ পুৱা খুউব সোনকালে উঠা মোডীয়ে ৰাতিপুৱা মুকলি আকাশৰ তলত যোগ অভ্যাসেৰে দিনটো আৰম্ভ কৰে । সাধাৰণ কেইটামান শাৰীৰিক অনুশীলন কৰাৰ পিছতে মোডীয়ে যোগ ধ্যান কৰে । ইয়াৰযোগেদি মোডীয়ে দিনটোলৈ নিজকে বিভিন্ন মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখে ।

২/ মোডীয়ে দৈনিক ট্ৰেকত খোজ কাঢ়ে । আয়ুৰ্বেদ শাস্ত্ৰত পৰম বিশ্বাসী মোডীয়ে পঞ্চতত্বৰ দ্বাৰা প্ৰভাৱিত হৈ পৃথিৱী, বায়ু ,জল, আকাশ আৰু অগ্নিৰ লগত সংযোগ স্থাপন কৰে । যাৰ যোগেদি তেওঁ প্ৰৱল মানসিক শক্তি লাভ কৰে । কেতিয়াবা যদি সাগৰৰ তীৰত ,আকৌ কেতিয়াবা পথৰ ওপৰতো খোজ কঢ়া পৰিলক্ষিত হয় ।

৩/ আমি সকলোৱে জানো যে ,মোডীয়ে নিৰামিষ আহাৰ খায় লগতে তেওঁ সপ্তাহৰ দুটা দিন ব্ৰত কৰে । মোডীৰ সহশীলতা ইমানেই বেছি যে, তেওঁৰ এটা ভাইৰেল ভিডিঅ’ বিশ্বজুৰি চৰ্চা লাভ কৰিছিল । যিটো ভিডিঅ’ ত মোডীয়ে সম্পূৰ্ণ দুটা দিন হিমালয়ৰ বৰফৰ মাজত ধ্যান কৰি থকা দেখা গৈছিল । ঠাণ্ডা সহিব পাৰে যদিও মোডীয়ে ঠাণ্ডা পানীৰ বিপৰীতে কুহুমীয়া পানী খায়।

৪/ শোৱা পাটীত উঠাৰ সময়ত মোডীয়ে নাকত দুটোপাল সৰিয়হৰ তেল দিয়ে । যি অভ্যাসে মোডীক ঠাণ্ডা লগাৰ পৰা ৰক্ষা কৰাৰ লগতে সাধাৰণ পানীলগা ,কাহ আদিৰ পৰাও প্ৰতিৰোধ কৰে ।

৫/ মনটো শান্ত কৰি ৰাখিবলৈ মোডীয়ে সদায় সাধনা কৰে । যি তেওঁক কোনো এটা বিষয়ত মনসংযোগ ধৰি ৰখাৰ লগতে দিনটোলৈ মনটো শান্ত কৰি ৰাখে ।

৬/ ইয়াৰলগতে মোডীয়ে দৈনিক শ্বাস-প্ৰশ্বাসৰ অনুশীলন কৰে । এই অনুশীলনৰ যোগেদি মোডীয়ে শৰীৰত উৎপন্ন হোৱা বেয়া পদাৰ্থ উলিয়াই দিয়াৰ তেজৰ চলাচল সঠিক কৰি ৰাখে ।

৭/ স্বাস্থ্যৰ প্ৰতি কৰা যত্নৰ উপৰিও মোডীয়ে সময় পালেই ঈশ্বৰ সম্বন্ধীয় গ্ৰন্থ অধ্যয়ন কৰে । যি তেওঁৰ মনটো যোগাত্মক চিন্তাৰ প্ৰতি আকৰ্ষিত কৰে ।

৮/ মোডীৰ শোৱাৰ সময় তেনেই কম । বলীউদৰ অভিনেতা অক্ষয় কুমাৰে লোৱা এটা সাক্ষাৎকাৰত মোডীয়ে নিজেই কৈছিল যে, তেওঁ খুউব বেছি তিনি ঘন্টা ত্ৰিশ মিনিট শোৱে । যদিও পুৱা ৫ বজাত মোডী খোজকঢ়াৰ লগতে ৩০ ৰ পৰা ৪৫ মিনিট পৰ্যন্ত যোগ অভ্যাস আৰম্ভ কৰে ।

Exit mobile version