STATE : ৰাজ্যৰ ৬ জনগোষ্ঠীক পুনৰ প্ৰতাৰণা

কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত পাঁচ ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা , প্ৰতিবাদত কাইলৈ বঙাইগাঁও জিলা বন্ধৰ ঘোষণা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ

WhatsApp Image 2022 09 15 at 14.54.12

STATE:ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবীক কোনো গুৰুত্ব নিদি পুনৰবাৰ বঞ্চিত কৰে কেন্দ্ৰীয় চৰকাৰে৷কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকে দেশৰ ৫ ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ বিপৰীতে অসমৰ ৬ জনগোষ্ঠী ক্ৰমে আহোম, মৰাণ,মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত নল’ল কোনো সিদ্ধান্ত। উল্লেখ্য যে কেন্দ্ৰই গঠন কৰি দিয়া মন্ত্ৰীগোটে কোনো প্ৰতিবেদনেই দাখিল নকৰাৰ অভিযোগ উদ্থাপিত হৈছে ৷ আনহাতে কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ লগে লগে তামিলনাডু, উত্তৰ প্ৰদেশ, চত্তিশগড়, কৰ্ণাটক, আৰু হিমাচল প্ৰদেশৰ বাৰ জনগোষ্ঠীয়ে এতিয়াৰ পৰা লাভ কৰিব জনজাতিকৰণৰ সকলো সুবিধা ।

মনকৰিবলগীয়া যে কালি বিধানসভাত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাথ কলিতাই জনজাতীকৰণ সন্দৰ্ভত চৰকাৰে লোৱা কাৰ্যব্যৱস্থা বিষয়ে জানিব বিচৰাত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱ সদনক জানিব দিয়ে যে ৰাজ্য ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে ৷ আনহাতে চৰকাৰে যোগাযোগ কৰা নাই বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য দাঙি ধৰে মন্ত্ৰী গৰাকীয়ে ৷

ইপিনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠে অসমৰ ছয় গোষ্ঠীয় সংগঠনসমুহ ৷ বঙাইগাঁও জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই কাইলৈ ২৪ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ ঘোষণা কৰে ৷ আজি সংগঠটোৰ নেতা-কৰ্মীয়ে বঙাইগাঁও ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে শীৰ্ঘেই ৰাজ্যব্যাপি জংগী আন্দোলনৰ হুংকাৰ দিয়ে ৷

Exit mobile version