UTTAR PRADESH INCIDENT:উত্তৰ প্ৰদেশৰ লখিমপুৰত নৃশংসকাণ্ড

দুই নাবালিকা ভগ্নীক ধৰ্ষণ কৰি ওলোমাই থলে গছত, ৪ ধৰ্ষণকাৰী গ্ৰেপ্তাৰ

WhatsApp Image 2022 09 15 at 16.12.21

CRIMINAL OBORTION : অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ হুংকাৰ দিয়া যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত শেহতীয়াকৈ ধৰ্ষণ,লুন্ঠন আৰু হত্যাজনিত কাৰ্যকলাপ ক্ৰমাৎ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷ বুধবাৰে প্ৰদেশখনৰ লখিমপুৰ জিলাৰ খেৰিত সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি যায় ৷
বুধবাৰে সন্ধিয়া নিঘাচন আৰক্ষী থানাৰ অন্তৰ্গত লালপুৰ মাজৰা তামুলী পূৰ্বা গাঁৱৰ কুঁহিয়াণিত দুগৰাকী দলিত কিশোৰী ভগ্নী গছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীয়ে জনায়। দুই সহোদৰ ভগ্নীক ধৰ্ষণ কৰি হত্যাৰ অভিযোগ আজি পুৱতি নিশাই আৰক্ষীয়ে মাৰাথন অভিযান চলাই ছয়জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

লখিমপুৰ খেৰীৰ আৰক্ষী অধীক্ষক সঞ্জীৱ সুমনে গই সন্দৰ্ভত সাংবাদিকক কয় যে , “আমি জুনেইদ, চোহেল, হাফিজুৰ ৰেহমান, কৰিমুদ্দিন, আৰিফ আৰু চোট্টুক নামৰ চাৰি যুৱকক নিশাৰ অভিযানত অভিযানত গ্ৰেপ্তাৰ কৰিছো।” জুনেইদ আৰু চোহেল দুয়োগৰাকী ভগ্নীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা জানিব পৰা গৈছে । আনহাতে প্ৰাথমিক অনুসন্ধান অনুসৰি, জুনেইদ আৰু চোহেলে বুধবাৰে আবেলি দুয়োগৰাকী ভগ্নীক মাতি আনিছিল কুহিঁয়াৰ খেতিলৈ ৷

ইতিমধ্যে আৰক্ষী উপযুপৰি জেৰাত জুনেইদ আৰু চোহেলে স্বীকাৰ কৰিছে যে তেওঁলোকে কিশোৰী দুগৰক ধৰ্ষণ কৰাৰ পিছত ডিঙি চেপি হত্যা কৰি আত্মহত্যা ৰূপ দিবলৈ গছত ওলমাই থয় ৷ আনহাতে এই কামত সহযোগ কৰিবলৈ মাতি আনে আন দুই যুৱক কৰিমুদ্দিন আৰু হাফিজুৰক ৷আৰক্ষীয়ে ধৃত চাৰি যুৱকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২ (হত্যা), ৩২৩ (স্বেচ্ছাই আঘাত কৰা), ৪৫২ (আঘাত, আক্ৰমণ বা অন্যায়ভাৱে সংযমৰ প্ৰস্তুতিৰ পিছত ঘৰত অনধিকাৰ প্ৰৱেশ), ৩৭৬ (ধৰ্ষণ) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে খেৰি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷উল্লেখ্য যে মৃত

কিশোৰীদুগৰাকীৰ মাতৃয়ে অভিযোগ কৰিছিল যে তেওঁলোকক হত্যা কৰা হৈছিল আৰু নিঘাচন আৰক্ষী থানাৰ চুবুৰীয়া গাওঁৰে তিনিজন যুৱকে অপহৰণ কৰি নি হত্যা কৰিছিল ৷ বুধবাৰে আবেলি প্ৰায় ৩ বজাত তিনিজন বাইক আৰোহি যুৱকে কিশোৰী দুগৰাকীক ঘৰৰ পৰা প্ৰলোভিত কৰি অপহৰণ কৰিছিল আৰু পিছত খেতি পথাৰত গছত ওলমি থকা অৱস্থাত পোৱা গৈছিল। ইপিনে মূল অভিযুক্ত চোটুৱে তেওঁৰ বন্ধুবৰ্গৰ সৈতে ভুক্তভোগীসকলৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকক বলপূৰ্বক মটৰ চাইকেলত লৈ গৈছিল। অভিযুক্তজনে তেওঁলোকৰ মাতৃকো প্ৰহাৰ কৰিছিল  ৷ পিছত দুই ভগ্নীক বলাৎকাৰ কৰি ডিঙি চেপি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ মৃতদেহ গছত ওলোমাই দিছিল বুলি ইতিমধ্যে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ।

উত্তৰ প্ৰদেশ আৰক্ষীৰ লক্ষ্ণৌ ৰেঞ্জৰ সহকাৰী মহাপৰিদৰ্শক লক্ষ্মী সিঙে কয়, “লখিমপুৰ খেৰীৰ গাঁৱৰ গছত উলমি থকা কিশোৰী দুগৰাকীৰ মৃতদেহত কোনো আঘাতৰ চিন পোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দি কয় ঘটনাৰ তদন্ত মাৰাথন গতিত চলি আছে অপৰাধীক কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী বদ্ধপৰিকৰ ৷

Exit mobile version