অৱশেষত জামিন লাভ কৰিলে ভিক্টৰ দাসে 

WhatsApp Image 2022 09 16 at 17.41.14

২৬ হাজাৰ চাকৰি নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেন-দেনৰ অভিযোগ আনি গুৱাহাটীৰ পাণবজাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা যুৱ শিক্ষক ভিক্টৰ দাসে জামিন লাভ কৰিলে । জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই অভিযুক্তৰ হৈ জামিন আবেদন কৰিছিল ।

মুঠ ছয়টাকৈ ধাৰাত দোষী সাব্যস্ত কৰি পাণবজাৰ আৰক্ষী থানাত এসপ্তাহ ধৰি বন্দী হৈ থকা ভিক্টৰৰ পক্ষত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন মঞ্জুৰ কৰে । জানিব পৰা মতে ,পুৱা ১১-৩০ বজাত মাননীয় আদালতে এই শুনানি প্ৰদান কৰে ।

অৱশ্যে অন্তৰবৰ্তীকালীন জামিন লাভ কৰা ভিক্টৰে অহা ২৯ ছেপ্টেম্বৰত পুনৰ আদালতত হাজিৰ হ’ব লাগিব । ইফালে ভিক্টৰৰ অভিযোগৰ পাছতে চাকৰি নিযুক্তিত কেলেংকাৰী হোৱা বুলি দাবী কৰি মৰিগাঁৱৰ বিশেষভাৱে সক্ষম যুৱক আমিনুল হকেও এটা ফেচবুক পষ্ট কৰি অভিযোগ উত্থাপন কৰিছিল ।

সমান্তৰালকৈ ৰঙিয়াৰ জয়া কলিতা নামৰ এগৰাকী যুৱতীয়েও বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ আনিছে ।

Exit mobile version