দুৰ্গা পূজা পালনৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা কামৰূপ জিলা পৰিবহন বিভাগৰ

Durga Puja large idols tanuj adhikary B3Knp6y8q4M unsplash

সমাগত দুৰ্গা পূজা । পূজা পালনৰ নামত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহ’বৰ বাবে কামৰূপ জিলা পৰিবহন বিভাগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে । আজি সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে এই নিৰ্দেশনা ঘোষণা কৰি কয় যে, পূজাৰ সময়ত কোনো লোকে সুৰা সেৱন কৰি গাড়ী চলালে লাইচেন্স বাতিল কৰাৰ লগতে ১০,০০০ টকা জৰিমণা ভৰিব লাগিব ।

ইয়াৰোপৰি মটৰ চাইকেল আৰোহী দুয়োজনেই হেলমেট পৰিধান কৰাটো বাধ্যতামূলক । পূজা চাবলৈ যাওতে গাড়ীৰ চীট বেল্ট ব্যৱহাৰ কৰিব লাগিব লগতে য’তে-ত’তে গাড়ী পাৰ্কিং কৰিব নোৱাৰিব আৰু ভুল পথেৰে গাড়ী চলালে বৃহৎ পৰিমাণৰ জৰিমণা বিহাৰো ব্যৱস্থা কৰিছে । আনকি পূজা কমিটিৰ মানুহেও মণ্ডপৰ সমীপত গাড়ী পাৰ্কিং কৰিব নোৱাৰিব । উল্লেখযোগ্য যে, দৰ্শনাৰ্থীৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ লগতে পূজা কমিটিৰ বাবেও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

বিশেষকৈ পূজা অনুষ্ঠিত কৰিবলৈ পিডব্লিউডি পৰা এন অ’চি লোৱাৰ লগতে পূজাস্থলীত চিচি কেমেৰা সংস্থাপন কৰিব লাগিব । দ্বিতীয়তে পূজা মণ্ডপসমূহত এপিডিচিএল অনুমতিসাপেক্ষে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা থাকিব লাগিব । তৃতীয়তে পূজাস্থলীৰ ভিতৰত কমিটিয়ে দোকান দিয়াৰ অনুমতি প্ৰদান কৰিব নোৱাৰিব ।

চতুৰ্থতে প্ৰশাসনে ঠিক কৰি দিয়া সময়সূচী মতে পূজাৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব । ইয়াৰোপৰি চাউণ্ড চিষ্টেম ব্যৱহাৰৰ ক্ষেত্ৰতো প্ৰশাসনে জাৰি কৰা নিয়ম মানি চলিব লাগিব । অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

Exit mobile version