বঞ্চনাৰ ক্ষোভত ২৬ ছেপ্টেম্বৰত ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ 

WhatsApp Image 2022 09 16 at 20.25.36

পুনৰ জনজাতিকৰণৰ দাবীত উত্তাল হৈছে অসম । ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগত আজি ছয় জনগোষ্ঠীৰ ঐক্য মঞ্চই মৰাণত জৰুৰীভাৱে এখনি কাৰ্যনিৰ্বাহক সভা আহ্বান কৰে ।

এই কাৰ্যনিৰ্বাহক সভাতে অহা ২৬ ছেপ্টেম্বৰত ২৪ ঘন্টীয়া অসম বন্ধৰ ঘোষণা কৰিছে । শিৱসাগৰ, বঙাইগাঁও মৰাণ আদি বিভিন্ন অঞ্চলত সদৌ অসম মৰাণ ছাত্র সন্থা, মটক যুৱ ছাত্র সন্মিলন, টাই আহোম ছাত্র সন্থা, চুতীয়া যুৱ সন্মিলন, চাহ জনজাতি ছাত্র সন্থা, সদৌ কোচ ৰাজবংশী ছাত্র সন্থাই বিগত দুদিন ধৰি ৰাজ্য চৰকাৰে কৰা প্ৰতাৰণাৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।

উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি এতিয়া এই সমগ্ৰ বিষয়টো কেন্দ্ৰলৈ ঠেলি দিয়া কাৰ্যত চৰম প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰা পৰিলক্ষিত হৈছে ।

অতি শীঘ্ৰেই ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ছয় জনগোষ্ঠী ঐক্যমঞ্চই ।

Exit mobile version