ব্যক্তিগত বাহনৰ পৰা জব্দ ১৮ টাকৈ ছাগলী, গ্ৰেপ্তাৰ তিনি চোৰ

WhatsApp Image 2022 09 16 at 17.41.15

ডিব্ৰুগড়ৰ মৰাণত কালি নিশা এখন ব্যক্তিগত বাহনৰ পৰা উদ্ধাৰ হৈছে ১৮ টা চোৰাং ছাগলী । মৰাণ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত পলাবলৈ চেষ্টা কৰা এখন চেন্ট্ৰ’ বাহনৰ পৰা উদ্ধাৰ কৰে এই ১৮ টা ছাগলী ।

জানিব পৰা মতে, যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা এএচ০৪ ই ২০০৭ ,নম্বৰৰ এখন চেন্ট্ৰ’ বাহনত অবৈধভাৱে সৰবৰাহ কৰা হৈছিল ১৮ টাকৈ ছাগলী । মৰাণত আৰক্ষীৰ তালাচী সময়ত পলাবলৈ চেষ্টা কৰা কৰোতে আৰক্ষীয়ে খেদি খেদি আটক কৰে বাহনসহ তিনিটাকৈ ছাগলী চোৰ ।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা মৰাণৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ছাগলী চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । তেনেসময়ত আৰক্ষীৰ এই সাফল্যত মৰাণবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে । সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version