বৰ্ধিত বিদ্যুৎ মাচুল সন্দৰ্ভত চৰকাৰৰ ঘোষণা

WhatsApp Image 2022 09 16 at 20.25.34

চলিত মাহত ৰাজ্যত হঠাৎ বিদ্যুৎ বিলৰ মূল্য বৃদ্ধি পোৱাক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতে আজি ৰাজ্য চৰকাৰে বিদ্যুতৰ বৰ্ধিত বিলক লৈ এক ঘোষণা কৰিছে ।

ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিদ্যুতৰ অত্যাধিক বিলৰ কথা স্বীকাৰ কৰি ৰাজ্য চৰকাৰে নতুনকৈ সংযোগ কৰা একাংশ স্মাৰ্ট মিটাৰৰ বাবেই অত্যাধিক বিল অহা বুলি উল্লেখ কৰাৰ লগতে নতুনকৈ সংযোগ কৰা এই স্মাৰ্ট মিটাৰৰ কিছু অঞ্চলত কাৰিকৰী ভুল হোৱাৰ কথাও স্বীকাৰ কৰে ।

যিবিলাক অঞ্চলত হঠাৎ অত্যাধিক হাৰত বিদ্যুতৰ মাচুল আহিছে, সেই মিটাৰসমূহ পুনৰ মেৰামতি কৰা হ’ব বুলিও উল্লেখ কৰি এপিডিচিএল-এ এই সকলো মিটাৰ পৰীক্ষা কৰিব বুলি মন্তব্য কৰে ।

ইয়াৰ লগতে আগষ্ট মাহত অত্যাধিক গৰম পৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত তেল আৰু গেছৰ দাম বৃদ্ধি পোৱাৰ বাবেও বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীজনে ।

Exit mobile version