২০২৩ৰ ভিতৰত ভাৰতত চলিব হাইড্ৰ’জেনচালিত ৰে’ল

WhatsApp Image 2022 09 16 at 20.25.35

২০২৩ৰ ভিতৰত ভাৰতত চলিব হাইড্ৰ’জেনচালিত ৰে’ল । এইকথা ঘোষণা কৰিছে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে । ভূৱেনেশ্বৰৰ এছ অ’ এ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইকথা ঘোষণা কৰে ।

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “বন্দে ভাৰত এক্সপ্ৰেছ” হৈছে ভাৰতৰ অন্যতম অৰ্ধ হাই স্পীড আৰু দ্ৰুততম ৰে’ল । যিখন ভাৰততেই নিৰ্মাণ কৰা হৈছিল আৰু এইপৰ্যন্ত ৰে’লখনৰ কোনো ডাঙৰ বিজুতি হোৱা নাই । বৰ্তমান আমি ছেমি হাই বা হাই স্পীড ৰে’ল চলোৱাৰ বাবে ট্ৰেক মেনেজমেণ্ট ব্যৱস্থাৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰি আছো ।”

ৰে’ল মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে, বন্দে ভাৰতৰ প্ৰাৰম্ভিক পৰ্যবেক্ষণ সফলতাৰে সমাপ্ত হোৱাৰ পিছত শীঘ্ৰেই ৭২খন ৰে’লৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব ।

তদুপৰি মন্ত্ৰীগৰাকীয়ে কয়, “বন্দে ভাৰত ৰে’লৰ সৰ্বোচ্চ গতিবেগ ঘন্টাত ১৮০ কিলোমিটাৰ । মাত্ৰ ৫২ ছেকেণ্ডত ই প্ৰতি ঘন্টাত ১০০ কিলোমিটাৰ গতি কৰে । য’ত বুলেট ট্ৰেইনে ৫৫ ছেকেণ্ড সময় লয় ।হাইড্ৰ’জেনচালিত ৰে’লৰ ব্যৱহাৰৰ ফলত ডিজেলৰ পৰিমাণ বহু পৰিমাণে ৰাহি হ’ব আৰু এইবোৰ হৈছে বেটাৰী বা ছুপাৰ কেপাচিটৰৰ দৰে নৱীকৰণযোগ্য শক্তি সংৰক্ষণ কৰা হাইব্ৰিড ৰে’ল ।

Exit mobile version