“৫৬ ইঞ্চি মোডী জি থালী”, খাব পাৰিলে পাব ৮.৫ লাখ টকা 

b9d6599c 1c51 11ec 897a 4119d31a6faa image hires 155236

১৭ ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন । সেই উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচী লোৱা দেখা গৈছে । ইয়াৰভিতৰত দিল্লীৰ কনট প্লেচৰ ARDOR 2.1 নামৰ এই ৰেষ্টুৰেন্টখনে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ ।

প্ৰধানমন্ত্ৰীৰ জন্মদিনটো বিশেষ কৰি তুলিবলৈ ৰেষ্টুৰেন্টেখনে গ্ৰাহকৰ বাবে প্ৰস্তুত কৰিছে বিভিন্ন সুস্বাদু খাদ্যৰ এখন বিশেষ থালী । থালীখনৰ নাম দিছে ” ৫৬ ইঞ্চি মোডী জি থালী ।” এই বিশেষ থালীখন খাবলৈ গ্ৰাহকৰ মাজত অনুষ্ঠিত হ’ব “লাকী ড্ৰ”।

এক নিৰ্দিষ্ট সময় অৰ্থাৎ ৪০ মিনিটৰ ভিতৰত উক্ত থালীখন খাই শেষ কৰিব পাৰিলে বিজেতাই পুৰস্কাৰ হিচাপে লাভ কৰিব ৮.৫ লাখ টকা আৰু বিনামূলীয়া কেদাৰনাথ ভ্ৰমণৰ সুবিধা ।

ইফালে ৰেষ্টুৰেন্টখনৰ মালিক কালাৰাই সংবাদ মাধ্যমৰ আগত কয় যে, মই প্ৰধানমন্ত্ৰীক সন্মান কৰোঁ, তেওঁ আমাৰ দেশৰ গৌৰৱ ,যাৰবাবে আমি কিবা এটা উপহাৰ দিব বিচাৰোঁ।

Exit mobile version