ইউৰিয়া সাৰৰ বিশাল ক’লা সাম্ৰাজ্যৰ ন-ন তথ্য

ৰাজহসাহায্যযুক্ত ইউৰিয়াৰ চোৰাং ব্যৱসায়েৰে চাহিদা পূৰণ কৰে ম্যানমাৰৰ

WhatsApp Image 2022 09 16 at 17.42.24

পুনৰ কাৰ্বি আংলঙৰ বৰপথাৰত আৰক্ষীৰ জালত পাঁচখনকৈ ইউৰিয়া ভৰ্তি ট্ৰাক

 

যোৱা ১২ ছেপ্তেম্বৰত কাৰ্বি আংলঙৰ খটখটী আৰক্ষীয়ে অসম নগালেণ্ড সীমান্তত জব্দ কৰা পাঁচখনকৈ ইউৰিয়া ভৰ্তি ট্ৰাকে ৰাজহসাহায্যযুক্ত ইউৰিয়া সাৰৰ বৃহৎ ক’লাবজাৰৰ তথ্য উদঙাই দিয়াৰ পাছত কালি কাৰ্বি আংলঙৰ বৰপথাৰ আৰক্ষীৰ জালত পৰে আন পাঁচখন এনে অবৈধ ইউৰিয়া ভৰ্তি ট্ৰাক ৷ বৰপথাৰ আৰক্ষীৰ জালত পৰা এই পাঁচখন ট্ৰাকৰ এখন ট্ৰাকে আৰক্ষীৰ তালাচী বেহু ভাঙি পলাই গৈছিল যদিও খটখটীত আৰক্ষীয়ে আৱদ্ধ কৰিবলৈ সক্ষম হয় ট্ৰাকখন ৷

জে.এইচ.০২এ.কে.০৩৭২, বি.আৰ.০১জি.জি.২৬০৩, বি.আৰ.০১জি৭৭৭৫, বি.আৰ.২৫জি.এ.২৩৬৭, বি.আৰ.০২ ডব্লিউ ৫৩৯৫ আৰু বি.আৰ.২৬জি.এ.৫৩৬৭ নম্বৰৰ ট্ৰাক কেইখনে ঝাড়খণ্ডৰ ৰাজহসাহায্যযুক্ত ইউৰিয়া সাৰ মণিপুৰলৈ লৈ আহিছিল ৷ ঝাৰখণ্ডৰ এমবি এণ্টাৰপ্ৰাইজৰ পৰা মণিপুৰৰ ৰাজএণ্টাৰপ্ৰাইজলৈ লৈ অহা এই ইউৰিয়াৰ নথিপত্ৰত পূৰ্বৰ দৰেই ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ বুলি উল্লেখ আছে ৷

এই সংক্ৰান্তত আৰক্ষীয়ে ট্ৰাক কেইখনৰ চালক কৰ্মচাৰীসহ ছয়জনক আটক কৰিছে যদিও এই বিশাল ক’লা সাম্ৰাজ্যৰ মূল কাণ্ডাৰীসকল এতিয়াও আৰক্ষীৰ জালত পৰা নাই ৷ উল্লেখযোগ্য যে অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ কৃষকৰ মাজত ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনিৰ সময়ত এইদৰে প্ৰতিদিনে ট্ৰাকে ট্ৰাকে ইউৰীয়া সাৰ আৰক্ষীৰ জালত পৰাৰ পাছতেই উন্মোচিত হৈছে ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায়ৰ ন-ন তথ্য ৷

সূত্ৰ অনুসৰি বিভিন্ন ৰাজ্যৰ বাবে আৱণ্টন হোৱা এই ৰাজহসাহায্যযুক্ত ইউৰিয়া চোৰাংকৈ জৈৱিক সাৰৰ ভুৱা নথিৰে সকলোকে আভুৱা ভাৰি মণিপুৰলৈ সৰৱৰাহ হয় আৰু তাৰ পৰাই কে’বাগুণ অধিক দামত ব্যৱসায়ী চক্ৰটোৱে ম্যানমাৰলৈ সৰৱৰাহ কৰে ৷

উল্লেখযোগ্য যে ম্যানমাৰত ধান খেতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰবি শস্যত এই ইউৰিয়া ব্যৱহাৰ কৰাৰ উপৰিও মাৰাত্মক আফিং খেতিতো এই ইউৰিয়া ব্যৱহাৰ কৰে ৷ ইপিনে, অন্যতম জনপ্ৰিয় বাৰ্মাৰ মাছৰ খেতিটো এই ইউৰিয়া ব্যৱহাৰ কৰে ৷ ইয়াৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কৃষকে পৰ্যাপ্ত ইউৰিয়া সাৰৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে ম্যানমাৰৰ কৃষকৰ চাহিদা পূৰণ কৰে এই ৰাজহসাহায্যযুক্ত ইউৰিয়াই ৷

যদিহে কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰে এনে চোৰাং ব্যৱসায়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে ইউৰিয়াৰ কৃত্ৰিম নাটনি কোনোদিনেই দূৰ নহ’ব ৷

Exit mobile version