Economic Growth : আর্থিক বৃদ্ধিত শংকা

growth

ভাৰতীয় অর্থনীতিৰ অগ্ৰগতিৰ পথত কাঁটাৰ সংকেত মূল্যায়ন সংস্থাৰ সমীক্ষাত । আমেৰিকাৰ মূল্যায়ন সংস্থা ফিচ ৰেটিংছে জুনত কৈছিল, চলিত বিত্তবর্ষত জিডিপি বৃদ্ধিৰ হাৰ ৭.৮ শতাংশ হোৱাৰ সম্ভাৱনা । বৃহস্পতিবাৰে সেই পূর্বাভাস নামিল সাত শতাংশ । বৃদ্ধি সন্দৰ্ভত অনিশ্চয়তাৰ কথা কৈছে মূল্যায়ন সংস্থা ইণ্ডিয়া ৰেটিংছেও। পূর্বাভাস কমাই ৬.৯ শতাংশ কৰিছে ।

তেওঁলোকৰ দাবী, ক’ভিডৰ ফলত যি পৰিমাণৰ উৎপাদন হ্ৰাস পাইছে, তাৰ পুনৰুদ্ধাৰত সময় লাগিব । যদি আগন্তুক বিত্তবর্ষৰ পৰা জিডিপি ৭.৬ শতাংশ কৈও বাঢ়ে, তেতিয়াও অতিমাৰীৰ পূৰ্বৰ অৱস্থাত ঘূৰি যাবলৈ ১২ বছৰ লাগিব । অর্থাৎ নতুন সংকট নাহিলে ২০৩৪-৩৫ত পুৰণি অৱস্থানত ঘূৰি যাব পাৰে অর্থনীতি ।

সম্প্রতি কেন্দ্রীয় পৰিসংখ্যা অনুযায়ী, বিগত এপ্রিল-জুনত দেশত জিডিপি ১৩.৫ শতাংশ বাঢ়িছে । ৰিজার্ভ বেংকসহ অনেকৰ প্রত্যাশাতকৈ এই হাৰ কম । ফিচৰ দাবী, তেওঁলোকৰ পূর্বাভাসো ১৮.৫ শতাংশ আছিল । কেন্দ্রীয় পৰিসংখ্যা প্রকাশৰ পাছৰ পৰা এটাৰ পাছত এটা মূল্যায়ন সংস্থাই চলিত বিত্তবর্ষত ভাৰতত আর্থিক বৃদ্ধিৰ পূর্বাভাস কমিব লৈছে ।

সংশ্লিষ্ট মহলৰ মতে, এয়া অর্থনীতিৰ পূৰ্বৰ অৱস্থাত ঘূৰি যোৱা আৰু পলম হোৱাৰ ইংগিত । ফিচে কয়, বৃদ্ধিৰ গতি কমাব পাৰে বৰ্ধিত মূল্যবৃদ্ধি আৰু সুদৰ হাৰ । শ্লথ বিশ্ব অর্থনীতিও বৃহৎ বাধা । ইণ্ডিয়া ৰেটিংছৰ মত, চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰ মন্থৰ হোৱা আৰু ৰপ্তানি ব্যৱসায়ত মাধমাৰ পৰিব বৃদ্ধিৰ হাৰত । ইয়াৰ উপৰি সর্বত্র চাহিদা বৃদ্ধি পোৱা নাই । বৃদ্ধি পোৱা নাই ন্যূনতম আয়ৰ মানদণ্ডৰ মজুৰিও ।

ফিচৰ দাবী, সুদৰ হাৰ আৰু বৃদ্ধি কৰিব লাগিব ৰিজার্ভ বেংকে । বছৰ শেষ হোৱাৰ আগতেই ৫.৯ শতাংশ হ’ব লাগিব । কাৰণ পণ্যৰ দাম নিয়ন্ত্রণেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান । বিশ্ব অর্থনীতিৰ আর্থিক বৃদ্ধিৰ পূর্বাভাসো কমাইছে তেওঁলোকে । তেওঁলোকৰ মতে, আগন্তুক দিনত মন্দাৱস্থাৰ সন্মুখীন হ’ব পাৰে ইউৰোপ আৰু আমেৰিকাৰ অর্থনীতি ।

Exit mobile version