Monkeypox : দিল্লীত মাংকিপক্স সংক্রমিত আন এজন আফ্রিকাৰ নাগৰিক, ভাৰতত আক্রান্তৰ সংখ্যা বাঢ়ি হ’ল ১৩

monkeypox misconceptions you shouldnt believe 1440x810 1

ৰাজধানী দিল্লীত পুনৰ এজন মাংকিপক্স আক্রান্তৰ সন্ধান পোৱা গ’ল ‌। আক্রান্ত ৩০ বছৰীয়া মহিলাক এলএনজেপি হাস্পাতালত ভর্তি কৰোৱা হৈছে বুলি চৰকাৰী সূত্রে খবৰ । তেওঁৰ শৰীৰত পানীজোলা, জ্বৰসহ মাংকিপক্সৰ একাধিক উপসর্গ আছে । এইবাৰো মাংকিপক্স আক্রান্ত আফ্রিকাৰ নাগৰিক । মহিলাগৰাকী নাইজেৰিয়াৰ বাসিন্দা বুলি সংবাদ সংস্থা পিটিআই-য়ে জনাইছে ।

ভাৰতত এই পর্যন্ত মুঠ ১৩ জন এই ভাইৰাছত সংক্রমিত হৈছে । তেওঁলোকৰ ভিতৰত আঠটা ঘটনাই দিল্লীৰ । তাত আক্রান্তৰ অধিকাংশই আফ্রিকাৰ নাগৰিক । মাংকিপক্সত আক্রান্ত হৈ দেশত প্রথম মৃত্যুৰ ঘটনা ঘটিছে কেৰালাত । ত্রিশূৰত মাংকিপক্সত সংক্রমিত হৈ ২২ বছৰীয়া এজন যুৱকৰ মৃত্যু হৈছিল আগষ্টত ।

দিল্লীত মাংকিপক্স ভাইৰাছত সংক্রমিতসকলৰ ভিতৰত এই পর্যন্ত পাঁচজন সুস্থ হৈ হাস্পাতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি পাইছে । দিল্লীৰ স্বাস্থ্য দপ্তৰ সূত্রে খবৰ, বৃহস্পতিবাৰে নিশা আৰু এজন ব্যক্তিৰ শৰীৰত মাংকিপক্স সংক্রমণৰ উপসর্গ পোৱা গৈছে । নমুনা পৰীক্ষাৰ লগতে তেওঁক পর্যবেক্ষণত ৰখা হৈছে ।

Exit mobile version