Queen Elizabeth II Death : ৰাণীৰ শেষকৃত্যত উপস্থিত থাকিব নোৱাৰিব চীনা প্রতিনিধি দল

প্রৱেশত ‘নিষেধাজ্ঞা’ ব্রিটিছ সংসদৰ

1nbct5k queen

ৰাণী দ্বিতীয় এলিজাবেথৰ শেষকৃত্যত থাকিব চীনৰ কোনো চৰকাৰী প্ৰতিনিধি দল । ব্রিটিছ সংবাদ সংস্থা বিবিচি-এ জনাইছে, সংসদৰ নিম্নকক্ষ ‘হাউছ অৱ কমন্স’-ৰ অধ্যক্ষ লিণ্ডছে হোয়লেয়ে সোমবাৰে সংসদৰ ৱেষ্টমিনষ্টাৰ হলত ৰাণীৰ শেষকৃত্য অনুষ্ঠানত চীনা প্রতিনিধি দলৰ যোগদানৰ আবেদন খাৰিজ কৰিছে ।

অৱশ্যে প্রকাশিত সংবাদত কোৱা হৈছে সোমবাৰৰ শেষকৃত্যত কেৱল চীনৰ উপ-ৰাষ্ট্ৰপতি ৱাং কুইছান উপস্থিত থাকিব । লণ্ডন-বেইজিং কূটনৈতিক কাৰণতেই ব্রিটিছ চৰকাৰৰ এই পদক্ষেপ বুলি জনাইছে প্রকাশিত সংবাদত ।

অধিকৃত ছিনজিয়াঙত উইঘুৰ মুছলিমসকলৰ ওপৰত চীনা ফৌজৰ অত্যাচাৰক লৈ আন্তর্জাতিক মঞ্চত সৰৱ হোৱাত সম্প্রতি নজন ব্রিটিছ নাগৰিকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে চীনে । নিষেধাজ্ঞা জাৰিৰ লগতে কিছুসংখ্যকৰ সম্পত্তি বাজেয়াপ্ত কৰা হয় । তেওঁলোকৰ ভিতৰত সাতজন ব্রিটেইনৰ সংসদৰ সদস্য । সেয়ে চীনা প্রতিনিধি দলক ৱেষ্টমিনষ্টাৰ এবিত ৰাণীৰ শেষকৃত্যত প্রৱেশৰ অধিকাৰ দিয়া হোৱা নাই বুলি চৰকাৰী সূত্রে জানিব পৰা গৈছে ।

প্রসংগত, ব্রিটিছ সংসদ সদস্যসকলৰ ওপৰত এই আচৰণৰ বাবে লণ্ডনৰ চীনা ৰাষ্ট্রদূতৰ সংসদ ভৱনত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰিছিল নিম্নকক্ষ ‘হাউছ অৱ কমন্স’ আৰু উচ্চকক্ষ ‘হাউছ অৱ লর্ডছ’-ৰ অধ্যক্ষ ।

প্রসংগত, ৰাণী দ্বিতীয় এলিজাবেথক শেষ বিদায় জনাবলৈ সোমবাৰে লণ্ডনত উপস্থিত থাকিব প্রায় ১০০ গৰাকী ৰজা-ৰাণী আৰু ৰাষ্ট্রনেতা । থাকিব ভাৰতৰ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুও । পশ্চিম লণ্ডনৰ এটা অজ্ঞাত স্থানৰ পৰা তেওঁলোক সকলোকে ৱেষ্টমিনষ্টাৰ এবিতে আনিবলৈ বিশেষ বাছৰ ব্যৱস্থা কৰা হৈছে ।

কেৱল নিৰাপত্তাজনিত কাৰণত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মাকৰন, ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজেক হাৰজগ আৰু জাপানৰ সম্রাট নাৰুহিতোৰ বাবে পৃথক গাড়ীৰ ব্যৱস্থা থাকিব বুলি চৰকাৰী সূত্র উদ্ধৃত কৰি প্রকাশিত বাতৰিত কোৱা হৈছে ।

Exit mobile version