Shehbaz Sharif : ছাংহাই ক’অপাৰেছনত পাক প্রধানমন্ত্রীৰ নাজল-নাথল অৱস্থা দেখি হাঁহি উঠিল ৰুছ ৰাষ্ট্ৰপতি পুটিন

1516043747699c4

আলোচনাৰ মেজতে হঠাৎ পাক প্রধানমন্ত্রী শ্বাহবাজ শ্বৰিফৰ কাণৰ পৰা খুলি পৰিল হেডফোন । ইয়াৰ পাছতে দেখা গ’ল এক অভিনৱ দৃশ্য, যিমাবাৰ তেওঁ হেডফোনটো কাণত গোঁজাৰ চেষ্টা কৰে, সিমানবাৰেই খুলি পৰি যায় । কাণ সলনি কৰাৰ পাছতো তেওঁ হেডফোনটো যথাস্থানত বহাব নোৱাৰে ।

শ্বৰিফৰ দশা দেখি আগবাঢ়ি আহে এক সহকাৰী । পাক প্রধানমন্ত্রীৰ বাওঁফালৰ কাণত হেডফোনটো লগাই দিয়ে । কিন্তু কিছু ছেকেণ্ডৰ পাছতেই পুনৰ একেই দৃশ্য ! তৎক্ষণাৎ হাঁহিবলৈ আৰম্ভ কৰে আলোচনাৰ মেজত বহি থকা ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । লগতে দুই দেশৰ প্রতিনিধি দলৰ সদস্যসকলৰ মুখতো হাঁহি ফুটি উঠে । অৱশেষত পুনৰ সেই সহকাৰীৰ চেষ্টাত শ্বৰিফৰ কাণত থাকিল হেডফোন ।

বৃহস্পতিবাৰে উজবেকিস্তানৰ সমৰখণ্ডত ছা‍ংহাই ক’অপাৰেছন শীর্ষ সন্মিলনত দুই ৰাষ্ট্রনেতাৰ পার্শ্ববৈঠকৰ সময়ত এই ‘হাঁহিৰ দৃশ্য’ক লৈ ইতিমধ্যে পাক ৰাজনীতিত বিতর্ক আৰম্ভ হৈছে । প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ ভিডিঅ’টো সামাজিক মাধ্যমত প্রকাশ কৰি পাক প্রধানমন্ত্রীক কটাক্ষ কৰিছে ।

ইমৰানৰ দলৰ আন এজন নেতা তথা পাক নেছনেল এছেম্বলিৰ প্রাক্তন ডেপুটি স্পিকাৰ কাছিম খান সুৰিয়ে শুকুৰবাৰে পুটিন-শ্বাহবাজৰ এই বৈঠকৰেই এটা ছবি টুইট কৰে । তাত দেখা গৈছে, দুই ৰাষ্ট্রনেতাৰ আলোচনা চলাকালীন ৰুছ প্রতিনিধিসকলে কাগজত কলমেৰে টুকি লৈছে । কিন্তু পাক প্রতিনধিসকল বহি আছে । টুইটাৰত সুৰিয়ে লিখিছে, ‘এক পক্ষই আলোচনাৰ বিষয়সমূহ লিখি ৰাখিছে । অন্য পক্ষ নিৰ্বোধ হৈ অলসভাৱে বহি আছে ।’

Exit mobile version