প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ দিনাই অমৃত সৰুবৰ অভিযান আৰম্ভ বংশী গোপাল বিগ্ৰহ আৰু জনীয়া সত্ৰৰ জলাশয়ত

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনীয়া গাওঁপঞ্চায়তৰ জনীয়া সত্ৰৰ অধীনস্থ সালেকুৰাস্থিত “বংশী গোপাল বিগ্ৰহ” আৰু জনীয়া সত্ৰৰ জলাশয়ত অমৃত সৰুবৰ অভিযানৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয় ।

দুয়োটা কামৰ বাবে পৃথকে পৃথকে চৰকাৰে ১২ লাখ ৮৮ হেজাৰ আঠশ ৩৪ টকা আৱন্টন দিছে । বংশী গোপাল নিগ্ৰহৰ কামৰ আৰম্ভ কৰি এই আঁচনিৰ জৰিয়তে জনীয়া সত্ৰৰ আৰ্থিক আয়ৰ লগতে শতাধিক নিবনুৱা যুৱকে কৰ্ম সংস্থাপন পাব বুলি ব্যক্ত কৰে জনীয়া সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ৰবেন দাসে ।

জনীয়া সত্ৰৰ বাবে আৱন্টিত অমৃত সৰুবৰ আঁচনিৰ কামৰ আৰম্ভ কৰে জনীয়া সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক দ্বীপজ্যোতি ওঁজাই । জনীয়াত দুটাকৈ অমৃত সৰুবৰ অভিযানৰ কামৰ আৰম্ভ অনুষ্ঠানত জনীয়া গাওঁপঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতি অখিল ওঁজা, মন্দিয়া উন্নয়ন খণ্ডৰ সহঃ কাৰ্যবাহী অভিযন্তা জ্যোতিষ চন্দ্ৰ দাস, জনীয়া সত্ৰ উন্নয়নৰ সভাপতি অখিল বায়ন, জনীয়া গাওঁপঞ্চায়তৰ প্ৰাক্তন সভাপতি ইব্ৰাহিম আলীকে ধৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

চৰকাৰৰ এই অভিলাষী আঁচনিক জনীয়া সত্ৰ পৰিচালনা সমিতিয়ে ভূয়সী প্ৰশংসা কৰে ।

Exit mobile version