BISWANATH:বিশ্বনাথত আটক ১৭জনকৈ বাংলাদেশী নাগৰিকক

WhatsApp Image 2022 09 17 at 15.38.41

BISWANATH:বিশ্বনাথ চাৰিআলিত আটক সোত্তৰজনকৈ বাংলাদেশী নাগৰিকক ৷ বিশ্বনাথৰ ব্ৰহ্মপুত্ৰ চাপৰি সহ জিলাখনৰ বিভিন্ন স্থানত ধৰ্মীয় সভা পতাৰ অভিযোগত চাপৰিৰ পৰা আটক কৰে আৰক্ষীয়ে ৷

পশ্চিমবংগৰ কোচবিহাৰৰ ভাৰত- বাংলাদেশৰ সীমান্তয়েদি ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইগৰাকীয়ে ৷ তেওঁলোক অসমলৈ অহাৰ পূৰ্বে আজমেৰ শ্বৰিফ আৰু নতুন দিল্লী পৰিদৰ্শন কৰিছিল ৷ উল্লেখ্য ধাৰ্মিক স্থল পৰিদৰ্শন কৰাৰ অচিলা লৈ লোক কেইজনে ধৰ্মীয় সভা পাতিছিল বিভিন্ন স্থানত ৷ কিন্ত তেওঁলোকৰ অনুমতি নাছিল ধৰ্ম প্ৰচাৰৰ ৷ সম্প্ৰতি আটাইকেইজন বাংলাদেশী নাগৰিকক বিশ্বানাথ থানাত জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version