JORHAT: যোৰহাটত গ্ৰেপ্তাৰ ফাৰ্মাচী পৰিদৰ্শক,অনুজ্ঞাপত্ৰৰ বাবে লৈছিল ঘোচ

দুৰ্নীতি নিবাৰক শাখাই হাতেলোটে আটক কৰে জাহ্নৱী কলিতাক

WhatsApp Image 2022 09 17 at 14.59.48

ANTI CORRUPTION BUREAU: লোভেই পাপ,পাপেই মৃত্যু ৷এই আপ্তবাক্য শাৰী প্ৰযোজ্য হ’ল এগৰাকী ঔষধ পৰিদৰ্শকৰ ক্ষেত্ৰত ৷ ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বিনিময়ত উৎকোচ লৈ হাতেলোটে আটক হয় এগৰাকী মহিলা ঔষধ পৰিদৰ্শক ৷এই ঘটনা সংঘটিত হয় যোৰহাটত ৷

যোৰহাট জিলা জ্যেষ্ঠঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা নামৰ মহিলা বিষয়া গৰাকীয়ে এগৰাকী ব্যক্তিৰ পৰা ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বিনিময়ত উৎকোচ বিচাৰিছিল ৷ সেই অনুসৰি আজি কাৰ্যালয়ত ঘোচ লৈ থাকোতেই পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে হাতিলোটে আটক কৰে ৷

উল্লেখ্য যে ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ বিচৰা লোকজনৰ অভিযোগৰ ভিত্তিত আজি অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখাই ৷ ইতিমধ্যে আটকাধীন ঔষধ পৰিদৰ্শক গৰাকীক কাৰ্যালয়তে জেৰা অব্যাহত ৰাখিছে ভিজিলেন্সৰ বিষয়াই ৷ আনহাতে অসম আৰক্ষীৰ আইন শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰযোগে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানৰ কথা সদৰি কৰিছে ৷

Exit mobile version